উত্তৰ অভয়াপুৰী, 20 জুনঃ বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ নাম্বাৰপাৰা-অদলাগুৰী গড়কাপ্তানী পথত ভুই ৰুই স্থানীয় ৰাইজে কৰিলে এক অভিনৱ ৰূপত কৰিলে প্ৰতিবাদ । প্ৰায় ৪ কিঃমিঃ দৈৰ্ঘ্যৰ এই পথচোৱা দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ তথা কদৰ্যময় হৈ থকাৰ পাছতো কাণষাৰ নাই কাৰোৰে । ফলত স্কুল-মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী,জৰুৰীকালিন সেৱা এম্বুলেঞ্চকে আদি কৰি যি কোনো বাহন পথটোৰে যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে । অৱশেষত অতিস্থ হৈ স্থানীয় ৰাইজে শনিবাৰে গড়কাপ্তানী বিভাগ হায় হায়, অসম চৰকাৰ হায় হায় আদি ধ্বনিৰে পথৰ মাজত ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে ।
উত্তৰ অভয়াপুৰীৰ ৰাজপথত ভূইঁ ৰুই ৰাইজৰ অভিনৱ প্ৰতিবাদ - danmage road
বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ নাম্বাৰপাৰা-অদলাগুৰী গড়কাপ্তানী পথৰ জৰাজীৰ্ণ অৱস্থা। প্ৰায় ৪ কিঃমিঃ দৈৰ্ঘ্যৰ এই পথচোৱা দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ তথা কদৰ্যময় হৈ থকাৰ পাছতো কাণষাৰ নাই কাৰোৰে । বাৰম্বাৰ অভিযোগ দি অৱগত কৰাৰ পাছতো নিশ্চুপ স্থানীয় জনপ্ৰতিনিকে ধৰি সংশ্লিষ্ট বিভাগ । অৱশেষত ভুই ৰুই ৰাইজে কৰিলে ইয়াৰ প্ৰতিবাদ।
উত্তৰ অভয়াপুৰীৰ ৰাজপথত ভূইঁ ৰুই ৰাইজৰ অভিনৱ প্ৰতিবাদ
স্থানীয় বিধায়ক আব্দুল হাই নাগৰিকে ধৰি সাংসদ আব্দুল খালেককো তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰী সকলে । সংশ্লিষ্ট বিভাগে শীঘ্ৰেই পথটো মেৰামতিৰ লগতে পকীকৰণ কৰি পথাচাৰীৰ বাবে সুচল কৰি তুলিবৰ বাবে দাবী জনালে এইসকল প্ৰতিবাদকাৰীয়ে । অন্যথা পৰৱৰ্তী সময়ত পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণৰো হুংকাৰ দিলে প্ৰতিবাদকাৰী সকলে।
লগতে চাওকঃ কৰিমগঞ্জ জিলা কাৰাগাৰৰ পৰা তিনিজনকৈ কাৰাবন্দীৰ পলায়ন