আই নৈৰ বাঢ়নী পানীয়ে ছিঙিলে কাচদহা সংযোগী পথ - assam
উত্তৰ অভয়াপুৰীত বানৰ সংহাৰী ৰূপ । আই নৈৰ বাঢ়নী পানীয়ে ছিঙিলে ভাণ্ডাৰা কাচদহা সংযোগী পথ । আবদ্ধ হৈ পৰিছে সহস্ৰাধিক লোক । প্লাৱিত হৈছে ন ন অঞ্চল । শংকিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ ।
আই নৈৰ বাঢ়নী পানীয়ে ছিগিলে কাচদহা সংযোগী পথ
বঙাইগাঁও,23জুলাইঃ বঙাইগাঁৱৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত কুৰি খনৰো অধিক গাঁৱত আই আৰু মানাহ নৈৰ বাঢ়নী পানীয়ে পূৰ্বতকৈ অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বিশেষকৈ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণ কাচদহা আৰু ভাণ্ডাৰাত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । মঙলবাৰে আই নৈৰ বাঢ়নী পানীৰ প্ৰবল সোঁতে ভাণ্ডাৰা আৰু কাচদহা সংযোগী পথটো ছিঙি পেলোৱাত কেইবাখনো গাঁৱৰ লোক জলবন্দী হৈ পৰিছে । ফলত স্থানীয় ৰাইজে প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।