ভিন্ন দাবীৰে মানাহ ভেলী বিকাশ মঞ্চ আৰু পশ্চিম অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ - assam
দলং মুকলি, ৰাস্তাৰ পুনৰ মেৰামতি, স্থায়ী অগ্নিনিৰ্বাপক বাহিনীৰ কেন্দ্ৰ স্থাপন আদি দাবীৰে মানিকপুৰৰ ওচমানি বজাৰত সাব্যস্ত প্ৰতিবাদ
ভিন্ন দাবীৰে মানাহ ভেলী বিকাশ মঞ্চ আৰু পশ্চিম অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ
উত্তৰ অভয়াপুৰী, 10 জুন : বঙাইগাওঁ জিলাৰ মানিকপুৰৰ ওচমানি বজাৰত মানাহ ভেলী বিকাশ মঞ্চ আৰু পশ্চিম অসম ছাত্ৰ সন্থাৰ উদ্যোগত ২ ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৷ কাহিবাৰী-বৰঘোলা সংযোগী আই নদীৰ ওপৰত ৪০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মীয়মান দলং অতি শীঘ্ৰে মুকলাই দিয়া, কীৰ্ত্তনপাৰাৰ পৰা ডাঙাইগাওঁ সংযোগী ৰাস্তাৰ পুনৰ মেৰামতিৰ লগতে ওচমানি বজাৰত স্থায়ী অগ্নিনিৰ্বাপক বাহিনীৰ কেন্দ্ৰ স্থাপন আদি দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ সংগঠন দুটাৰ ৷