অসম

assam

By

Published : Jul 24, 2023, 7:20 AM IST

ETV Bharat / state

Police Constable Dismissed: তিনিশ টকা ঘোচ লৈ চাকৰি হেৰুৱালে কনিষ্টবল শ্বাহ আলমে

তিনিশ টকা ঘোচ লোৱাৰ অপৰাধত চাকৰিৰ পৰা বৰ্খাস্ত অসম আৰক্ষীৰ ইউ.বি কনিষ্টবল শ্বাহ আলমক ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাত কৰ্মৰত আছিল কনিষ্টবল শ্বাহ আলম ৷

Police Constable Dismissed On Bribery Charges
চাকৰিৰ পৰা বৰ্খাস্ত অসম আৰক্ষীৰ ইউ.বি কনিষ্টবল শ্বাহ আলম

বঙাইগাঁও, 24 জুলাই : পুনৰ চাকৰিৰ পৰা বৰ্খাস্ত অসম আৰক্ষীৰ এজন ঘোচখোৰ কনিষ্টবল ৷ অসম আৰক্ষীৰ ইউ.বি কনিষ্টবল শ্বাহ আলমক দুৰ্নীতিৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাত কৰ্মৰত আছিল কনিষ্টবল শ্বাহ আলম ৷

ঘোচখোৰ তথা দুৰ্নীতিপৰায়ণ আৰক্ষীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী সঞ্চালক প্ৰধান জানেন্দ্ৰ প্ৰতাপ সিং ৷ বিগত সময়ছোৱাত কেইবাজনো আৰক্ষীক দুৰ্নীতিৰ অভিযোগত নিলম্বন তথা বৰ্খাস্ত কৰাৰ পাছত এইবাৰ পুনৰ আন এজন আৰক্ষী কনিষ্টবলক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় ৷ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাত কৰ্মৰত অসম আৰক্ষীৰ ইউ.বি কনিষ্টবল শ্বাহ আলমক দুৰ্নীতিৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত ৷

বঙাইগাঁও জিলাৰ মাণিকপুৰত তালাচীৰ সময়ত ধন সংগ্ৰহৰ অভিযোগ আছিল শ্বাহ আলমৰ বিৰুদ্ধে ৷ উল্লেখযোগ্য যে, প্ৰায় ছমাহ পূৰ্বে মাণিকপুৰৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত নাকা তালাচীৰ সময়ত ৰে’লৱে বিভাগৰ বয়-বস্তু কঢ়িওৱা এখন ডাম্পাৰৰ পৰা তিনিশ টকা লোৱাৰ এক অভিযোগ উত্থাপন হৈছিল কনিষ্টবলজনৰ বিৰুদ্ধে ৷ পৰৱৰ্তী সময়ত এই ঘটনা পোহৰলৈ অহাত ৰিজাৰ্ভ ক্ল’জ কৰি চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল কনিষ্টবল শ্বাহ আলমক ৷

অৱশ্যে পৰৱৰ্তী সময়ত কনিষ্টবল শ্বাহ আলমক চাকৰিত মকৰল কৰা হয় ৷ এই খিনিলৈকে সকলো ঠিকে আছিল যদিও, চলিত জুলাই মাহৰ 22 তাৰিখে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশ মৰ্মে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই শ্বাহ আলমক ঘোচ লোৱাৰ অপৰাধত চাকৰিৰ পৰা বৰ্খাস্ত কৰে ৷

উল্লেখযোগ্য যে, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে অসম আৰক্ষীক সংস্কাৰমুখী কৰাৰ বাবে দৃঢ় সংকল্প গ্ৰহণ কৰিছে ৷ ইয়াৰ বাবে বিভিন্ন সময়ত কু-কৰ্মত লিপ্ত হোৱা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে সঞ্চালক প্ৰধানগৰাকীয়ে ৷ ফলত বিগত সময়ছোৱাত চাকৰি হেৰুৱাব লগা হৈছে কেইবাজনো দুৰ্নীতিগ্ৰস্ত আৰক্ষীয়ে ৷

লগতে পঢ়ক :Congress press meet: বিজেপিৰ প্ৰভাৱশালী নেতাৰ নেতৃত্বত তিনিচুকীয়াত কাঠৰ চোৰাং সৰবৰাহ !

ABOUT THE AUTHOR

...view details