অসম

assam

By

Published : Jan 6, 2021, 1:02 PM IST

ETV Bharat / state

অভয়াপুৰীত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং চাউল

মঙলবাৰে নিশা অভয়াপুৰীত বঙাইগাঁও আৰক্ষীৰ অভিযানত জব্দ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সহস্ৰাধিক চাউলৰ বস্তা ৷ সুলভ মূল্যৰ দোকানীৰ দোকানত আৰু ল’ৱাৰ আছাম পাব্লিক স্কুলৰ আৱাস গৃহত অভিযান চলাই উদ্ধাৰ কৰা হয় এই চোৰাং চাউল ৷

pds scam
চাউলৰ বস্তা জব্দ

বঙাইগাঁও,6 জানুৱাৰী : বঙাইগাঁও জিলাৰ অভয়াপুৰীত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন গৈছে ৷ মঙলবাৰে নিশা বঙাইগাঁও আৰক্ষীৰ অভিযানত জব্দ হয় সহস্ৰাধিক চাউলৰ বস্তা ৷

কলবাৰীৰ ৰফিকুল ইছলাম নামৰ এজন সুলভ মূল্যৰ দোকানীৰ দোকানত অভিযান চলোৱাৰ লগতে ল’ৱাৰ আছাম পাব্লিক স্কুলৰ আৱাস গৃহতো চলোৱা হৈছে ব্যাপক অভিযান ৷

চাউলৰ বস্তা জব্দ

বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতি আৰু উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া হেমেন দাসৰ নেতৃত্বত চলা এই অভিযানত কোঠাই কোঠাই উদ্ধাৰ হৈছে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল । জব্দকৃত চাউলৰ বস্তাসমূহ ইতিমধ্যে তদন্তৰ আঁওতালৈ নিয়া বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :হাইলাকান্দিত অগপৰ জাতীয় সমাৰোহ

ABOUT THE AUTHOR

...view details