অভয়াপুৰী , 13 জুনঃ বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত শৌলমাৰীৰ এগৰাকী গৰ্ভৱতী মহিলাক হত্যা কৰা দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে কোকিলা আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি জাকিৰ হুছেইন নামৰ ব্যক্তিজনে যৌতুকৰ বাবে বিভিন্ন শাৰিৰীক আৰু মানসিক অত্যাচাৰ চলাই আহিচিল পত্নীৰ ওপৰত ৷ অৱশেষত ৩ মে'ত স্বামী আৰু পৰিয়ালৰ লোকৰ হাতত মৃত্য হয় মহিলাগৰাকীৰ৷ ফলত স্বামী পৰিয়ালৰ বিৰুদ্ধে আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ৷
যৌতুকঃ স্বামী পৰিয়ালে হত্যা কৰিলে গৰ্ভৱতী মহিলাক
ইতিপূৰ্বে স্বামী জাকিৰ হুছেইনক জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে মহিলাগৰাকীৰ শহুৰ মোছলেম উদ্দিনক আটক কৰে আৰক্ষীয়ে ৷
যৌতুকৰ লোভত স্বামী পৰিয়ালে হত্যা কৰিলে গৰ্ভৱতী মহিলাক
ইতিপূৰ্বে স্বামী জাকিৰ হুছেইনক জেল হাজতোলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে মহিলাগৰাকীৰ শহুৰ মোছলেম উদ্দিনক আটক কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে মহিলাগৰাকী ৬ মহীয়া গৰ্ভৱতী আছিল লগতে এটি তিনি বছৰীয়া সন্তানো আছিল মহিলাগৰাকীৰ ৷