অসম

assam

ETV Bharat / state

আলফা-চৰকাৰৰ শান্তি চুক্তিয়ে অসমৰ বিকাশ কৰাৰ সম্ভাৱনা আছে: মন্ত্ৰী ৰণজিৎ দাস - Khel Maharan 2023

Khel Maharan 2023:বঙাইগাঁৱত যোৱা ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা জিলা পৰ্যায়ৰ খেল মহাৰণৰ সামৰণি অনুষ্ঠান আজি বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হয় ।

Minister Ranjit Kumar Das
মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

By ETV Bharat Assamese Team

Published : Dec 30, 2023, 11:01 PM IST

মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

বঙাইগাঁও, ৩০ডিচেম্বৰ: "আলফা আৰু চৰকাৰৰ মাজত স্বাক্ষৰিত শান্তি চুক্তিয়ে অসমৰ বিকাশ কৰাৰ সম্ভাৱনা আছে । আলফাৰ আশা ফলপ্ৰসূ নহ'লে তেওঁলোক আগবাঢ়ি নগ'লহেঁতেন ।" এই মন্তব্য় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ।বঙাইগাঁৱত যোৱা ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা জিলা পৰ্যায়ৰ খেল মহাৰণৰ সামৰণি অনুষ্ঠান আজি বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত অনুষ্ঠিত এই সামৰণি অনুষ্ঠানত তেওঁ আলফা আৰু চৰকাৰৰ মাজত স্বাক্ষৰিত শান্তি চুক্তি সন্দৰ্ভত এইদৰে কয় । জিলা পৰ্যায়ৰ খেলৰ সামৰণি অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে অসম খেল মহাৰণে যুৱক-যুৱতীসকলৰ মাজত খেলৰ এটা পৰিৱেশ সৃষ্টি কৰিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মে ৰাজ্যজুৰি অসম খেল মহাৰণ যোৱা এক নৱেম্বৰৰ পৰা অনুষ্ঠিত কৰা হয় ।

তেওঁ কয় যে যদিও পূৰ্বতে গ্ৰাম্য পৰ্যায়ত খেল অনুষ্ঠিত হৈছিল,কিন্তু এইবছৰৰ দৰে চহৰ অঞ্চলত খেল অনুষ্ঠিত হোৱা নাছিল বুলি তেওঁ কয় । মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে বঙাইগাঁৱত জিলা পৰ্যায়ত অনুষ্ঠিত খেলত অলিম্পিক খেলৰ দৰে অলিম্পিক শিখা জ্বলোৱা হৈছে । এয়া এক ব্যতিক্ৰমী আয়োজন । বঙাইগাঁও জিলাৰ পৰা খেলুৱৈ ৰাজ্যিক পৰ্যায়ত খেলি জিলাখনলৈ সুনাম কঢ়িয়াই আনিব বুলি তেওঁ আশা প্ৰকাশ কৰে । লগতে খেল মহাৰণ সুকলমে চলাই নিয়াৰ বাবে বঙাইগাঁও জিলা প্ৰশাসন আৰু জিলা ক্ৰীড়া বিভাগক তেওঁ ধন্যবাদ জ্ঞাপন কৰে ।

আজিৰ এই অনুষ্ঠানত বিধায়ক ফণীভূষণ চৌধুৰীয়ে ভাষণ প্ৰসংগত জিলাখনৰ পৰা ৰাজ্যিক পৰ্যায়ত খেলিবলৈ যাবলগীয়া খেলুৱৈসকলে যাতে অনুশীলন চলাই তাৰ বাবে আহ্বান জনায় । উক্ত অনুষ্ঠানত জিলা আয়ুক্ত নৱদ্বীপ পাঠকেও বক্তব্য আগবঢ়ায় । সামৰণি অনুষ্ঠানত বিহু নৃত্য, কোচ-ৰাজবংশীসকলৰ গোৱালিনী নৃত্য, বড়োসকলৰ বাগৰুম্বা নৃত্য আৰু ৰাভা নৃত্য পৰিৱেশন কৰে স্থানীয় শিল্পীসকলে । আজিৰ সামৰণি অনুষ্ঠানত বঙাইগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই অনা জ্যেষ্ঠ,কনিষ্ঠ খেলুৱৈসকলক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক:লখিমপুৰৰ শশী খাউণ্ড বৰালৈ ইণ্ডিয়ান নেচনেল এৱাৰ্ড

ABOUT THE AUTHOR

...view details