অসম

assam

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 9:33 PM IST

Updated : Oct 13, 2023, 10:01 PM IST

ETV Bharat / state

Jayanta Malla Baruah : কংগ্ৰেছৰ তালিকাত তেওঁলোকৰ কাৰ্যালয়ৰ পিয়ন-চকীদাৰৰ নাম আছে : জয়ন্ত মল্ল বৰুৱা

সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈক কটাক্ষ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ এইবাৰহে গৌৰৱ গগৈয়ে নিজৰ নামত নিৰ্বাচন খেলিব বুলি কৈ এইবাৰ তেওঁ নিৰ্বাচন জিকি দেখুৱাওক বুলি গৌৰৱ গগৈক প্ৰত্যাহ্বান জয়ন্ত মল্ল বৰুৱাৰ ৷

Jayanta Malla Baruah Slams MP Gaurav Gogoi
গৌৰৱ গগৈক প্ৰত্যাহ্বান জয়ন্ত মল্ল বৰুৱাৰ

গৌৰৱ গগৈক কটাক্ষ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

বঙাইগাঁও, 13 অক্টোবৰ : "গৌৰৱ গগৈয়ে এইবাৰ প্ৰথমবাৰৰ কাৰণে নিৰ্বাচন খেলিব ৷ পূৰ্বে তৰুণ গগৈৰ পুত্ৰই নিৰ্বাচন খেলিছিল ৷ তৰুণ গগৈৰ ল’ৰাই আৰু গৌৰৱ গগৈয়ে নিৰ্বাচন খেলাৰ মাজত পাৰ্থক্য আছে ৷" লোকসভাৰ সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈক কটাক্ষ কৰি এই মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ শুকুৰবাৰে বঙাইগাঁৱত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এইদৰে সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰা পৰিলক্ষিত হ’ল ৷

মন্ত্ৰীজনে কয় যে, তৰুণ গগৈৰ পুত্ৰ আৰু গৌৰৱ গগৈয়ে নিৰ্বাচন খেলাৰ মাজত পাৰ্থক্য আছে ৷ যোৱা দুটা বছৰ তেওঁ তৰুণ গগৈৰ ল’ৰা বুলি জিকি গ’ল ৷ গতিকে এইবাৰহে গৌৰৱ গগৈয়ে নিজৰ নামত নিৰ্বাচন খেলিব বুলি কৈ এইবাৰ তেওঁ নিৰ্বাচন জিকি দেখুৱাওক বুলি গৌৰৱ গগৈক প্ৰত্যাহ্বান জনায় মন্ত্ৰীজনে ৷ লগতে গৌৰৱ গগৈয়ে চৰৰ য’ত মিঞা থাকে তাত ভোট পোৱাৰ আশা কৰিছে বুলিও কয় মন্ত্ৰীজনে ৷

ইফালে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰদেশ কংগ্ৰেছে প্ৰকাশ কৰা প্ৰাৰ্থী তালিকাক লৈও দলটোক তীব্ৰ কটাক্ষ কৰে মন্ত্ৰীজনে ৷ এই সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লই কয় "কংগ্ৰেছৰ তালিকাত তেওঁলোকৰ অফিচৰ পিয়ন-চকীদাৰ বিলাকৰ নাম আছে বুলি শুনিছোঁ ৷ কিমান সঁচা-মিছা মই নাজানো ৷ দুই-চাৰিজনে কৈছে যে, তেওঁলোকৰ মানুহ নাই কাৰণে তালিকাত অফিছৰ পিয়ন-চকীদাৰৰ নামো সুমুৱাই দিছে ৷ কংগ্ৰেছৰ মিত্ৰ দলবোৰেও এতিয়া চিঞৰ-বাখৰ কৰি আছে, তেওঁলোকক বোলে এই কথা নুসুধিলেই ৷ এইবিলাক ইমান গুৰুত্বপূৰ্ণ কথা বুলি নাভাবো ৷" লগতে গান্ধী পৰিয়ালৰ ভৰিত পৰি থকাটোৱেই যদি সততা, ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক সেৱা কৰি থকাটোৱেই সততা তেতিয়াহ’লে সেই সততা বেলেগ হ’ব পাৰে ৷ কিন্তু বিজেপিয়ে সততা বেলেগকৈ বুজে বুলিও কংগ্ৰেছক কটাক্ষ মন্ত্ৰীজনৰ ৷

কংগ্ৰেছক সমালোচনা কৰি মন্ত্ৰীজনে পুনৰ কয় যে, কংগ্ৰেছৰ চৰকাৰ কোনোদিনে নাহে ৷ গতিকে যি মন যায় তাকেই কৰিব পাৰিব ৷ অসমৰ প্ৰত্যেক মানুহক তেওঁলোকে পাঁচ লাখকৈ টকা দিম বুলিও ক’ব পাৰে ৷ যিহেতু তেওঁলোক নিজিকেই সেয়েহে এইদৰে কোৱাত একো আপত্তি নাই ৷ নিজিকা মানুহে যিকোনো কথা ক’ব পাৰে ৷ কিন্তু বিজেপিয়ে চৰকাৰ গঠন কৰিব কাৰণে হিচাপ কৰিহে কথা কয় বুলি উল্লেখ কৰে মন্ত্ৰী জয়ন্ত মল্লই ৷ আগন্তুক নিৰ্বাচনতো বিজেপিয়ে যি কৰিব পাৰে তাকেই ক’ব বুলি উল্লেখ কৰি মন্ত্ৰীজনে কয় যে, কংগ্ৰেছে যিটি ক’ব পাৰে কাৰণ তেওঁলোকে নিৰ্বাচন নিজিকেই; কোৱাত কি আহে যায় ৷

ইফালে AIUDF ক অনুপ্ৰৱেশকাৰী মানুহৰ সমৰ্থনত থকা দল বুলি আখ্যা দি মন্ত্ৰী বৰুৱাই কয় যে, এইবিলাক দলক গুৰুত্ব দিব লাগে বুলি নাভাৱে তেওঁ ৷ কাৰণ এনেকুৱা দলে য’ত চাচা-চাচী আছে তাত ভোট পাবই ৷ চাচা-চাচীৰ ঠাইত ভোট পাবৰ কাৰণেই AIUDF ৷ গতিকে ইয়াত কোনো চিন্তা কৰি থকাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷

আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত 14 খন আসনৰ 12 খনেই বিজেপি মিত্ৰজোঁটে দখল কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লই ৷ লগতে 14 খন আসনৰ 14 খনেই বিজেপি মিত্ৰজোঁটে দখল কৰিলেও ইয়াত আচৰিত হ’বলগা নাই বুলি উল্লেখ কৰে মন্ত্ৰী বৰুৱাই ৷ 12 টা সমষ্টিত জিকাতো নিশ্চিত আৰু বাকী 2টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰি বিজেপি মিত্ৰজোঁটে 14 খন আসনৰ 14 খনেই জিকিব পাৰে বুলি কয় তেওঁ ৷

উল্লেখ্য যে, শুকুৰবাৰে বঙাইগাঁৱৰ দলাইগাঁওস্থিত ষ্টেডিয়াম খেল পথাৰত অনুষ্ঠিত হোৱা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক চাইকেল বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ বঙাইগাঁও জিলাৰ মুঠ 8,780 গৰাকী ছাত্ৰ-ছাত্ৰীক অসম চৰকাৰৰ তৰফৰ পৰা চাইকেল বিতৰণ কৰা হয় ৷ এই সভাত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বঙাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী, জিলা আয়ুক্ত নৱদ্বীপ পাঠক, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন, KACৰ মুখ্য পাৰিষদ গকুল বৰ্মনসহ কেইবাগৰাকীয় বিশিষ্ট অতিথিয়ে ৷

Last Updated : Oct 13, 2023, 10:01 PM IST

ABOUT THE AUTHOR

...view details