অসম

assam

By

Published : Mar 25, 2020, 11:39 AM IST

ETV Bharat / state

স্বাগত হাস্পতালত চিকিৎক আৰু স্বাস্থ্যকৰ্মীক ক্লৰ'কুইন প্ৰদান !

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছৰ পৰা চিকিৎসক আৰু চিকিৎসা কৰ্মীসকললৈ ক্ল'ৰকুইন নামৰ ঔষধবিধ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰাত বুধবাৰে বঙাইগাঁও চহৰৰ স্বাগত হাস্পতাল এণ্ড ৰিছাৰ্চ চেন্টাৰত চিকিৎসালয় কৰ্তৃপক্ষই সকলো স্বাস্থ্যকৰ্মীক ওজন অনুযায়ী ক্লৰ'কুইন নামৰ ঔষধবিধ সেৱন কৰায়।

Bongaigaon Health awareness program
Bongaigaon Health awareness program

চিৰাং,25 মাৰ্চ : সম্প্ৰতি বিশ্বজুৰি আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছ অথবা ক'ভিড-১৯ প্ৰতিৰোধ কৰাৰ বাবে চিকিৎসা বিজ্ঞানৰ পৰা বহু পৰীক্ষা-নিৰীক্ষা চলাই থকাৰ মাজতে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চৰ পৰা চিকিৎসক আৰু চিকিৎসা কৰ্মীসকললৈ ক্ল'ৰকুইন নামৰ ঔষধবিধ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰাত বুধবাৰে বঙাইগাঁও চহৰৰ স্বাগত হাস্পতাল এণ্ড ৰিছাৰ্চ চেন্টাৰত চিকিৎসালয় কৰ্তৃপক্ষই সকলো স্বাস্থ্যকৰ্মীক ওজন অনুযায়ী ক্লৰ'কুইন নামৰ ঔষধবিধ সেৱন কৰায়। এই সন্দৰ্ভত হাস্পতালখনৰ মহা প্ৰৱন্ধক ডাঃ শংকৰ কুমাৰ দাসে প্ৰকাশ কৰা মতে,স্বাস্থ্যকৰ্মী আৰু চিকিৎসকসকল পোনপটীয়াকৈ ৰোগী সকলৰ মুখামুখি হ'ব লগা হয়। ইয়াৰ বাবে সম্প্ৰতি চিন্তা আৰু ত্ৰাসৰ কাৰক হৈ পৰা কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰাৰ বাবে চিকিৎসা বিভাগৰ পৰা দিয়া নিৰ্দেশ অনুসৰি আজি স্বাগত হাস্পতাল এণ্ড ৰিছাৰ্চ চেন্টাৰত কৰ্মৰত স্বাস্থ্য কৰ্মী সকলক প্ৰফাইল এক্টিভ হিচাপে এসপ্তাহলৈ পৰিমাণ আৰু ওজন অনুযায়ীক্লৰ'কুইন প্ৰদান কৰা হয় ।

স্বাগত হাস্পাতালত চিকিৎক আৰু স্বাস্থ্যকৰ্মীক ক্লৰ'কুইন প্ৰদান

এই ঔষধৰ দ্বাৰা স্বাস্থ্য কৰ্মী সকল উপকৃত হ'ব লাগে বুলি উল্লেখ কৰি ডাঃ শংকৰ কুমাৰ দাসে পাচলৈ এই ঔষধৰ দ্বাৰা পৰিৱৰ্তন আহিব পাৰে বুলি মত ব্যক্ত কৰে । সম্প্ৰতি চিকিৎসালয় খনে প্ৰতিজন ৰোগী আৰু লোকক স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে চিকিৎসালয়ত প্ৰৱেশ কৰা প্ৰতিজনকে হাত ধোৱাৰ ব্যৱস্থা কৰিছে । কৰ'ণা আক্ৰান্ত ৰোগীক চিকিৎসা প্ৰদান কৰিবলৈ গৈ যাতে নিজেও আক্ৰান্ত হ'ব লগীয়া নহয়,তাৰ বাবে চিকিৎসাকৰ্মী সকলে সেয়ে আগতীয়াকৈ ইয়াৰ ব‍্যৱস্থা গ্ৰহণ কৰিছে ।


লগতে পঢ়ক : আৰক্ষী আৰু দণ্ডাধীশক হত্যাৰ চেষ্টা ট্ৰাক চালকৰ

ABOUT THE AUTHOR

...view details