উত্তৰ অভয়াপুৰী, 12 জুলাইঃবিগত 18 দিনে বঙাইগাঁও জিলাৰ বিস্তৰ অঞ্চলত অব্যাহত আছে বানৰ তাণ্ডৱ ৷ ক্ৰমান্বয়ে জিলাখনৰ বহু অঞ্চলত জটিল ৰূপ ধাৰণ কৰিছে আই আৰু মানাহ নদীৰ বাঢ়নী পানীয়ে ৷ ইতিমধ্যেই বিপদ সীমা অতিক্ৰম কৰিছে দুয়োখন নদীৰ জলপৃষ্ঠই ৷ জিলা খনক প্ৰায় অৰ্ধ শতাধিক গাঁও এতিয়া পানীৰ তলত ৷ কোনো কোন অঞ্চলত ঘৰৰ মুধচ পাইছে বাঢ়নী পানীয়ে ৷ প্ৰায় সকলোবোৰ পথো অতিক্ৰম কৰিছে বাঢ়নী পানীয়ে ৷ সম্পূৰ্ণ ব্যাহত হৈ পৰিছে যাতায়াত ৷
বঙাইগাঁও জিলাৰ বিস্তৰ অঞ্চলত বানৰ ব্যাপক প্ৰভাৱ
বঙাইগাঁও জিলাৰ বিস্তৰ অঞ্চলত ক্ৰমান্বয়ে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে ৷ তৎসত্বেও এই পৰ্যন্ত অধিকাংশ অঞ্চলৰ লোক বঞ্চিত হৈ আছে বান সাহায্যৰ পৰা ৷
আই নৈৰ পানীয়ে জামদহা, কাচদহা, নাচুনগুৰী, ভাণ্ডাৰা, টেন্টনপুৰ, বালাপেট আদি গাঁৱত কৰিছে ব্যাপক ক্ষতিসাধন ৷ আনহাতে মানাহ নৈৰ বানে বিশেষভাৱে ক্ষতিগ্ৰস্ত কৰিছে নাম্বাৰপাৰা, গোলাপাৰা, বালাৰচৰ-মাত্ৰাঘোলা, বাংলাপাৰা, গনবিন্যা, আদি গাঁও ৷ শহস্ৰাধিক লোক বন্দী হৈ আছে বানৰ কবলত ৷ পূৰ্বতকৈ পানীৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে বানাক্ৰান্ত ৰাইজে ৷ বিভিন্ন গাঁৱত উদ্ধাৰ অভিযান চলি আছে যদিও, এতিয়াও বহু গাঁও বাদ পৰি ৰৈছে এই উদ্ধাৰ অভিযানৰ পৰা ৷ কেৱল ইমানেই নহয়, এই পৰ্যন্ত বানাক্ৰান্ত লোক সকলে পোৱা নাই কোনো ধৰণৰ বান সাহায্য ৷ এই অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে ৷ ইতিমধ্যেই বানৰ কবলত পৰি মৃত্যু হৈছে বহু পশুধনৰো ৷ তথাপিও এই পৰ্যন্ত চৰকাৰ তথা প্ৰশাসনৰ লোকে কোনো ব্যৱস্থা নোলোৱাত ক্ষোভ প্ৰকাশ কৰিছে বানাক্ৰান্ত ৰাইজে ৷ বানাক্ৰান্ত ৰাইজৰ আহ্বান অতি শীঘ্ৰেই যেন তেওঁলোকৰ বাবে বান সাহায্য আগবঢ়ায় চৰকাৰ তথা জিলা প্ৰশাসনে ৷ অৱশ্যে জামদহা, ভাণ্ডাৰাত জলবন্দী দুই শতাধিক লোকক উদ্ধাৰৰ বাবে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে এছ ডি আৰ এফ বাহিনীৰ লোকে ৷
লগতে পঢ়কঃচিৰাঙত বান পৰিস্থিতিৰ অধিক অৱনতি