অসম

assam

By

Published : Apr 28, 2019, 8:28 AM IST

ETV Bharat / state

বঙাইগাঁৱৰ কীৰ্তনপাৰাত ভয়াৱহ অগ্নিকাণ্ড

এই অগ্নিকাণ্ডটোত এটা বাসগৃহ সহ তিনিখনকৈ দোকান জুইত জাহ যায় ৷ লগতে অগ্নিকাণ্ডটোত তিনিজন লোক গুৰুতৰভাৱে আহত হয় ৷ স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি তাৰা মিয়া নামৰ এজন লোকৰ অবৈধ পেট্ৰ'ল, ডিজেলৰ দোকানৰ পৰা জুইৰ সূত্ৰপাত হয় ৷

উত্তৰ অভয়াপুৰীৰ কীৰ্ত্তনপাৰা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

উত্তৰ অভয়াপুৰী , 28 এপ্ৰিল : বঙাইগাঁৱৰ কীৰ্তনপাৰা বজাৰত শনিবাৰে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত নিমিষতে 1টা বাসগৃহসহ 3খনকৈ দোকান ভস্মীভূত হোৱাৰ লগতে 3 জনকৈ লোক গুৰুতৰভাৱে আহত হয় ৷

উত্তৰ অভয়াপুৰীৰ কীৰ্ত্তনপাৰা বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

পুৱতি নিশা বজাৰখনত হঠাৎ অগ্নিসংযোগ হৈ মিনহাজ আলী, হাবিল উদ্দিন, আৰু তাৰা মিয়া নামৰ লোককেইজনৰ দোকান কেইখন নিমিষতে ভস্মীভূত হয় ৷ লগতে বজাৰৰ গাতে লাগি থকা মাণিক দাসৰ বাসগৃহটো সম্পূৰ্ণ ৰূপে জুইত জাহ যায় ৷ জুইত প্ৰায় 20 লাখ টকাৰ সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে ৷ আনহাতে অগ্নিকাণ্ডটোত পেতনা দাস, মাণিক দাস আৰু আব্দুল হাই নামৰ লোককেইজন গুৰুতৰভাৱে আহত হয় ৷

ইপিনে স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি তাৰা মিয়া নামৰ এজন লোকৰ অবৈধ পেট্ৰ'ল, ডিজেলৰ দোকানৰ পৰা জুইৰ সূত্ৰপাত হয় ৷ আহত লোকসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে যদিও আব্দুল হাইৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ প্ৰচেষ্টাত অগ্নি নিৰ্বাপন কৰা হয় যদিও অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাত অধিক ভয়ংকৰ পৰিৱেশৰ পৰা ৰক্ষা পৰে বজাৰখন ৷

ABOUT THE AUTHOR

...view details