অসম

assam

ETV Bharat / state

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ সৰৱ কৃষক মুক্তি সংগ্ৰাম সমিতি

জনসাধাৰণৰ মাজলৈ গৈ জনসাধাৰণক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিবলৈ আহ্বান জনালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ হাট-বজাৰত জনসাধাৰণৰ মাজত প্ৰচাৰ পত্ৰিকা বিতৰণ সংগঠনটোৰ সদস্যসকলৰ ৷

জনসাধাৰণক নাগৰীকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিবলৈ আহ্বান জনালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে

By

Published : Nov 19, 2019, 6:38 PM IST

বঙাইগাঁও , 19 নৱেম্বৰঃ আৰম্ভ হ'ল লোকসভাৰ শীতকালীন অধিবেশন ৷ ইতিমধ্যে শীতকালীন অধিবেশনতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি ৷

জনসাধাৰণক নাগৰীকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিবলৈ আহ্বান জনালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে
জনসাধাৰণৰ মাজলৈ গৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰিবলৈ মঙলবাৰে বঙাইগাঁও জিলাত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ সংগঠনটোৰ সদস্যসকলে হাট-বজাৰ আদি ৰাজহুৱা স্থানলৈ গৈ বিধেয়কখনৰ বিৰোধিতাৰে ৰাইজক ওলাই অহাৰ বাবে আহ্বান জনোৱাৰ লগতে প্ৰত্যেকজন ব্যক্তিক প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে ৷

ABOUT THE AUTHOR

...view details