অসম

assam

ETV Bharat / state

কীৰ্তনপাৰা গেছ চাৰ্ভিছ চেণ্টাৰত চেনিটাইজেছন - Kirtanpara Bazer

কীৰ্তনপাৰা গেছ চাৰ্ভিছ চেণ্টাৰত এগৰাকী কৰ্মচাৰীৰ দেহত কৰ’ণাৰ অৱস্থিতি ৷ ইয়াৰ পাছতে প্ৰশাসনৰ তৰফৰ পৰা স্থানীয় বজাৰ আৰু গেছ চাৰ্ভিছ চেণ্টাৰটো চেনিটাইজ কৰা হয় ।

Kirtanpara Bazer& HP Gas service centre sanitizec
কীৰ্তনপাৰা গেছ চাৰ্ভিছ চেণ্টাৰত চেনিটাইজেছন

By

Published : May 25, 2021, 10:06 AM IST

বঙাইগাঁও,25 মে’: বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত এইছ পি গেছ চাৰ্ভিছ চেণ্টাৰত দেওবাৰে এজন কৰ্মচাৰীৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছ ৷ কৰ্মচাৰীজন ক’ৰণাত আক্ৰান্ত হোৱাৰ খবৰ লাভৰ পাছতে প্ৰশাসনে অভয়াপুৰীৰ ক’ভিড চেণ্টাৰলৈ লৈ যায় ৷

কীৰ্তনপাৰা গেছ চাৰ্ভিছ চেণ্টাৰত চেনিটাইজেছন

উল্লেখ্য যে, বৰপেটাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত কীৰ্তনপাৰা মিনি চিকিৎসালয়ৰ উদ্যোগত দেওবাৰে কীৰ্তনপাৰা বজাৰৰ সকলো ব্যৱসায়ী আৰু এইছ পি গেছ চাৰ্ভিছ চেণ্টাৰৰ কৰ্মচাৰীসকলৰ ক'ভিড পৰীক্ষা কৰা হয় । এই পৰীক্ষাতে কৰ্মচাৰীজনৰ দেহত ক‘ভিডৰ অৱস্থিতি ধৰা পৰে ৷ ইয়াৰ পাছতেই প্ৰশাসনৰ তৰফৰ পৰা কীৰ্তনপাৰা বজাৰ আৰু গেছ চাৰ্ভিছ চেণ্টাৰটো চেনিটাইজ কৰা হয় । চাৰ্ভিছ চেণ্টাৰটোৰ স্বত্বাধিকাৰীয়ে অতি সোনকালে চেণ্টাৰৰ কাম-কাজ আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক:বাক্সাত ডাইনী সন্দেহত মৰিয়াই এজনক হত্যা

ABOUT THE AUTHOR

...view details