অসম

assam

ETV Bharat / state

বঙাইগাঁও, গোৱালপাৰাত কাঞ্চনজংঘাৰ প্ৰচাৰ জুবিনৰ - Jubin Kanchanjangha promotion in Bongaigaon an Goalpara

মোৰ কোনো জাতি নাই,মোৰ কোনো ধৰ্ম নাই,মই মুক্ত,মোৰ কোনো ভগৱান নাই, মই কাঞ্চনজংঘা : এই সংলাপেৰে কাঞ্চনজংঘাৰ প্ৰচাৰ জুবিনৰ

বঙাইগাঁও, গোৱালপাৰাত কাঞ্চনজংঘাৰ প্ৰচাৰ জুবিনৰ

By

Published : Aug 26, 2019, 5:38 PM IST

Updated : Aug 26, 2019, 7:10 PM IST

গোৱালপাৰা, 26 আগষ্ট : গোৱালপাৰা মহাবিদ্যালয় খেলপথাৰত, কাঞ্চনজনঘাৰ প্ৰচাৰৰ বাবে উপস্থিত নৱপ্ৰজন্মৰ হাৰ্টথৰ্ব জুবিন গাৰ্গ । গোৱালপাৰা চহৰৰ মাজমজিয়াত গোৱালপাৰা মহাবিদ্যালয় প্ৰাংগণত দেওবাৰে জুবিন গাৰ্গ উপস্থিত হৈ কেইবা সহস্ৰাধিক অনুৰাগীৰ মাজত কাঞ্চনজংঘা প্ৰচাৰ কাৰ্য চলায়। অনুৰাগীৰ হৰ্ষধ্বনি আৰু অতি উত্তেজনাময় পৰিস্থিতিৰ মাজত জুবিন গাৰ্গে অহা ৬ ছেপ্টেম্বৰত মুক্তি পাবলগীয়া কাঞ্চনজংঘা চাবলৈ সকলোকে আহ্বান জনায় । মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা এই সংলাপেৰে জুবিন গাৰ্গ কাঞ্চনজংঘা প্ৰচাৰ কাৰ্য আৰম্ভ কৰে ৷ লগতে অনুৰাগীৰ বাবে পৰিবেশন কৰে কাঞ্চনজংঘাৰ এটি গীত ৷

বঙাইগাঁৱত জুবিনৰ কাঞ্চনজংঘাৰ প্ৰচাৰ

কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে দেওবাৰে দলে বলে বঙাইগাঁওতো উপস্থিত হয় জুবিন গাৰ্গ । বিয়লি পাঁচ বজাত আহি উপস্থিত হোৱা জুবিনক বঙাইগাঁও কলেজতো আদৰিলে সহস্ৰাধিক অনুৰাগীয়ে। জুবিনেও মুক্তভাৱে চলালে নিজৰ নতুন বোলছবি কাঞ্চনজংঘাৰ প্ৰচাৰ। আৰম্ভণিৰ পৰা শেষলৈ বঙাইগাঁও কলেজত দেখিবলৈ পোৱা গ'ল জুবিন অনুৰাগীৰ ভিৰ ।

গোৱালপাৰাত কাঞ্চনজংঘাৰ প্ৰচাৰ জুবিনৰ
Last Updated : Aug 26, 2019, 7:10 PM IST

ABOUT THE AUTHOR

...view details