অসম

assam

By

Published : May 4, 2020, 6:55 PM IST

ETV Bharat / state

বঙাইগাঁৱৰ কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

সোমবাৰে বঙাইগাঁৱৰ পৰিস্থিতি পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ জিলাখনৰ পৰিৱেশ পৰিদৰ্শনৰ পিছত মন্ত্ৰীগৰাকী প্ৰশাসনৰ সৈতে এক সভাত মিলিত হয় ৷ মন্ত্ৰী শৰ্মাক উক্ত কাৰ্যসূচীত সংগ প্ৰদান কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা আৰু যোগানমন্ত্ৰী তথা স্থানীয় বিধায়ক ফণীভূূষণ চৌধুৰীয়ে ৷

Himanta biswa sarma visited bongaigaon etv bharat news
কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন

বঙাইগাঁও,4 মে’ঃ বঙাইগাঁৱত সোমবাৰে উপস্থিত হৈ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰিস্থিতি পৰিদৰ্শন কৰে স্বাস্থ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা আৰু যোগানমন্ত্ৰী তথা স্থানীয় বিধায়ক ফণীভূূষণ চৌধুৰীৰ সৈতে জিলাখনত উপস্থিত হোৱা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে অসামৰিক চিকিৎসালয়খনো পৰিদৰ্শন কৰে ৷ পৰৱৰ্তী সময়ত জিলা প্ৰশাসনৰ সৈতে মন্ত্ৰী শৰ্মাই এক সভাত মিলিত হয় ৷ সভাৰ অন্তত সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে ১১ মে’ৰ পিছতহে বঙাইগাঁও জিলা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে ৷ ইতিমধ্যে জিলাখনত Covid 19 ত আক্ৰান্ত লোকসকলৰ সকলো পৰীক্ষাৰ ফলাফল ১২ মে’ত লাভ কৰিব পৰা যাব ৷

কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন

আনহাতে, বঙাইগাঁৱৰ চিকিৎসক ইচলাম সন্দৰ্ভত চিকিৎসক গৰাকীৰ ব্যৱহাৰ ঠিক নোহোৱা বুলি প্ৰকাশ কৰে ৷ বাকী বিষয় বিভাগীয়ভাৱে তদন্ত হোৱাৰ উল্লেখ কৰে মন্ত্ৰী শৰ্মাই ।

লগতে চাওকঃযন্ত্ৰণাত চটফটাই থকা মাজুলীৰ এটি কণমানি...

ABOUT THE AUTHOR

...view details