বঙাইগাঁও,8 এপ্ৰিল:বঙাইগাঁও জিলাত বন বিভাগে চলালে ব্য়াপক অভিযান ৷ যোগীঘোপাৰ টিলাপাৰাত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বঙাইগাঁও জিলা বিশেষ বন সুৰক্ষা বাহিনীয়ে চলালে অভিযান । উক্ত অভিযানত এটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰাৰ লগতে প্ৰায় লক্ষাধিক টকাৰ শাল কাঠ আৰু কুণ্ডা জব্দ কৰে অভিযানকাৰী দলটোৱে ।
বঙাইগাঁৱত বন বিভাগৰ অভিযান - বনবিভাগ
প্ৰাকৃতিক সম্পদেৰে ভৰপুৰ ৰাজ্যখনৰ ভিতৰতে অন্যতম চহকী জিলা বঙাইগাঁৱত একাংশই চলাই আছে কাঠৰ ৰমৰমীয়া বেহা ৷ শেহতীয়াকৈ বন বিভাগে যোগীঘোপাৰ টিলাপাৰাত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে চলালে অভিযান ৷
বঙাইগাঁও জিলাত বনবিভাগৰ অভিযান
উল্লেখযোগ্য যে, যোগীঘোপা অঞ্চলত একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে দীৰ্ঘদিনৰ পৰাই বন বিভাগৰ চকুত ধূলি দি এইদৰে চলাই আহিছিল কাঠৰ ৰমৰমীয়া বেহা । বন বিভাগৰ অভিযানৰ পিছত এই চক্ৰটো নিয়ন্ত্ৰিত হয় নে নহয় সেয়া অনাগত দিনত লক্ষণীয় হ’ব ৷