অসম

assam

ETV Bharat / state

আই নদীৰ তাণ্ডৱ, গৰাখহনীয়াত উটি গ'ল সাতটাকৈ বাসগৃহ - FLOOD

বঙাইগাওঁ জিলাৰ সৃজনগ্ৰাম আৰু বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় 25 খনৰো অধিক গাওঁ আই নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰাৰ উপৰিও গৰাখহনীয়াই সাতটাকৈ পৰিয়ালক সৰ্বস্বান্ত কৰে

বঙাইগাওঁত আই নদীৰ তাণ্ডৱ

By

Published : Jul 11, 2019, 1:42 PM IST

উত্তৰ অভয়াপুৰী, 11 জুলাইঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীয়ে সংহাৰী ৰূপ সময়ত বঙাইগাওঁ জিলাতো আই নদীয়ে সৃষ্টি কৰিছে তাণ্ডৱ । জিলাখনৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ সৃজনগ্ৰাম আৰু বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় 25 খনৰো অধিক গাওঁ আই নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰে । একে সময়তে 1 নং কাহিবাৰী অঞ্চলত গৰাখহনীয়াই সাতটাকৈ পৰিয়ালক সৰ্বস্বান্ত কৰাৰ উপৰিও মছজিদ , কবৰস্থান , মাথাউৰি সকলো নদীৰ বুকুত জাঁহ গৈছে । ইতিমধ্যে খহনীয়াৰ কবলত পৰা একাংশ লোকে নিজৰ ঘৰ দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে আৰু আন একাংশই খহনীয়া ৰোধৰ বাবে নিজাববীয়াকৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে । কিন্তু গুৰুত্বপূৰ্ণ যে, এই ক্ষেত্ৰত বৰ্তমানলৈকে চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । তাৰোপৰি ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবেও স্থানীয় বিধায়ক আৰু প্ৰশাসনৰ লোক আগবাঢ়ি নহাৰ অভিযোগ উত্থাপন হৈছে ।

গৰাখহনীয়াত উটি গ'ল সাতটাকৈ বাসগৃহ

ABOUT THE AUTHOR

...view details