অসম

assam

ETV Bharat / state

বঙাইগাঁৱত ৰেচন প্ৰদানৰ নামত সমবায় এজেণ্টৰ ব্যাপক লুণ্ঠন

ৰাইজক ৰেচন প্ৰদানত গাফিলতি এজন সমবায় এজেণ্টৰ । হিতাধিৰকাৰীৰ ৰেচন কাৰ্ড হস্তগত কৰি ৰেচন প্ৰদানৰ নামত চলাইছে অনিয়ম । ভুক্তভোগী ৰাইজে এজেণ্টৰ বিৰুদ্ধে দাখিল কৰিলে অভিযোগ ।

corruption
বঙাইগাঁৱত ৰেচন প্ৰদানৰ নামত সমবায় এজেণ্টৰ ব্যাপক লুণ্ঠন

By

Published : Nov 5, 2021, 5:02 PM IST

বঙাইগাঁও,৫ নৱেম্বৰ :বঙাইগাঁও জিলাত ৰাজহুৱা বিতৰণ ব্যৱস্থাত দুৰ্নীতিৰ অভিযোগ । এগৰাকী সমবায় এজেণ্টৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ ৰাইজৰ । সুদীপ সূত্ৰধৰ নামৰ এজেণ্টজনে ২নং নোৱাপাৰা গাঁৱৰ বহুতৰে ৰেচন কাৰ্ডবোৰ (Ration card) বিভিন্ন অজুহাত দেখুৱাই নিজৰ হাতত জমা লৈছিল । কিন্তু সেই দিন ধৰি আজিলৈ লোকসকলক ৰেচন প্ৰদান কৰা নাই সুদীপে ।

বঙাইগাঁৱত ৰেচন প্ৰদানৰ নামত সমবায় এজেণ্টৰ ব্যাপক লুণ্ঠন

কেৱল এয়া নহয় ৰেচন বন্ধ হোৱা বুলি গাঁওবাসীক আভুৱা ভৰি আহিছে সুদীপে । ৰাইজে ৰেচন কাৰ্ডৰ বিষয়ে প্ৰশ্ন কৰিলেই বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই এজেণ্টজনে । আনকি এজেণ্টজনে ৰেচন কাৰ্ড জমা লৈ হিতাধিকাৰীক চাউল কমকৈ দিবলৈ আৰম্ভ কৰিছে বুলিও অভিযোগ কৰে ৰাইজে ।

ইফালে ৰেচন নোপোৱাত এতিয়া গাঁওখনৰ দৰিদ্ৰ পৰিয়ালবোৰে বিভিন্ন সমস্যাত পৰিছে । সেয়ে অৱশেষত ৰাইজে সংবাদমাধ্যমৰ সন্মুখত এজেণ্টজনৰ কুকৰ্মৰ বিষয়ে অৱগত কৰে ।

লগতে এজেণ্টজনৰ বিৰুদ্ধে অসামৰিক খাদ্য যোগান বিভাগত (Department of Civil Food Supply) লিখিত অভিযোগো দাখিল কৰিছে ৰাইজে । চৰকাৰক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । অভিযুক্ত এজেণ্টৰ বিৰুদ্ধে তদন্ত কৰি উচিত শাস্তি প্ৰদানৰো দাবী জনাইছে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক :মাজুলীবাসীয়েও উদযাপন কৰিলে পোহৰৰ উৎসৱ দীপাৱলী

ABOUT THE AUTHOR

...view details