বঙাইগাঁও, 10 আগষ্ট: বুধবাৰে বঙাইগাঁৱৰ ৰাজীৱ ভৱনত বঙাইগাঁও জিলা কংগ্ৰেছৰ সমিতিৰ উদ্যোগত এক যোগদান সভা আৰু প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয় । সভাত অগপ লগতে বিভিন্ন দলৰ পৰা প্ৰায় অৰ্ধশতাধিক লোকে যোগদান কৰে কংগ্ৰেছত ৷ ইফালে মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীয়ে ৷ প্ৰতিবাদকাৰীসকলে আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰোধিতা কৰি উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
প্ৰতিবাদৰ পাচত উত্তৰ অভয়াপুৰীৰ কংগ্ৰেছ বিধায়ক আব্দুল বাতিন খন্দকাৰে চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ ‘‘মূল্যবৃদ্ধিয়ে দহিছে সমগ্ৰ ৰাজ্যতে ৷ কিন্তু শুই আছে চৰকাৰ ৷ নিৰ্বাচনৰ পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহ ক’ত গ’ল !’’ মূল্যবৃদ্ধিৰ সন্দৰ্ভত এই দৰে চৰকাৰক প্ৰশ্ন কৰে বিধায়কগৰাকীয়ে ৷ আনহাতে, সংসদৰ মজিয়াত সাংসদ গৌৰৱ গগৈয়ে দিয়া ভাষণৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰা সমোলোচনাক প্ৰত্যুত্তৰ বিধায়ক আব্দুল বাতিন খন্দকাৰৰ ৷