অসম

assam

By

Published : Apr 15, 2019, 5:43 AM IST

ETV Bharat / state

যোগীঘোপাত আধ্যাত্মিক নীতি-নিয়মেৰে চড়ক পূজা

বঙাইগাঁৱৰ যোগীঘোপা কাবাইটাৰী দূর্গা মন্দিৰ প্ৰাংগনতো বিভিন্ন নীতি নিয়মেৰে পূজা অৰ্চনা কৰি দেওবাৰে পুৱাৰে পৰা দিনযোৰা কাৰ্য্যসূচীৰে সমাপন কৰা হয় অতিজৰে পৰা প্ৰচলিত হৈ অহা চড়ক পূজা ৷

যোগীঘোপাত চড়ক পূজা উদযাপন

যোগীঘোপা, 15 এপ্ৰিল: চ'ত মাহৰ সংক্ৰান্তিৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত উদযাপিত হৈছে চড়ক পূজা । বঙাইগাঁৱৰ যোগীঘোপা কাবাইটাৰী দূর্গা মন্দিৰ প্ৰাংগনতো বিভিন্ন নীতি নিয়মেৰে পূজা অৰ্চনা কৰি দেওবাৰে পুৱাৰে পৰা দিনযোৰা কাৰ্য্যসূচীৰে সমাপন কৰে অতিজৰে পৰা প্ৰচলিত হৈ অহা চড়ক পূজা ৷ উল্লেখ্য যে, জনশ্ৰুতি অনুসৰি চড়ক পূজাৰ দ্বাৰা বতাহ, ধুমুহা, শিলাবৃষ্টি, বজ্ৰপাত, অশুভ অশান্তিৰ পৰা পৰিত্ৰাণ পাব পাৰি । বিভিন্নধৰণৰ অলৌকিক, তান্ত্ৰিক পদ্ধতিৰে সমাপন কৰা হয় এই চড়ক পূজা । এই পূজাত বিশেষকৈ শিৱ পাৰ্বতীৰ পূজা অৰ্চনা কৰি অঞ্চলটোত অমংগল দূৰ কৰি শান্তি সমৃদ্ধিৰ বাবে ভক্ত সকলে প্ৰাৰ্থনা জনায় । চড়ক পূজাত বিশেষ পূজা বিধি হ'ল এজন ভক্তক পিঠিত বৰশী বিন্ধাই ওলমাই ঘূৰোৱা দৃশ্য । এই দৃশ্য চাবলৈ কাবাইটাৰীৰ দুৰ্গা মন্দিৰত সমবেত হয় অঞ্চলটোৰ সহস্ৰাধিক লোক ৷

ABOUT THE AUTHOR

...view details