মাণিকপুৰ, ২৭ ডিচেম্বৰ : মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতো মাণিকপুৰ চেন্ট্ৰেল বেংকত দালালৰ দপদপনি অব্যাহত আছে (Brokers at central bank branch in Manikpur) । কাচেম আলী নামৰ দালালজনে বেংকৰ গ্ৰাহকৰ পৰা আধাৰ কাৰ্ড লিংক কৰা, বেংক পাচবুকৰ KYC তথা আন আন কামৰ নামত এহাজাৰকৈ টকা সংগ্ৰহ কৰাৰ দৃশ্য কেমেৰাত বন্দী হৈছে ।
শাখা পৰিচালকৰ নামত ধন সংগ্ৰহ কৰি শাখা পৰিচালকক টকা দিয়াৰ দৃশ্য বন্দী হয় কেমেৰাত (Branch Manager of Central Bank of India) । উল্লেখ্য, দীৰ্ঘদিন ধৰি বেংকত দালালৰাজ অব্যাহত থকাৰ অভিযোগৰ ভিত্তিত সাংবাদিকৰ এটা দলে বেংকৰ দালালৰ বিৰুদ্ধে অভিযান চলোৱাত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ কেমেৰা দেখি পলায়ন কৰে ।
অৱশ্যে এই সম্পৰ্কে বেংকৰ শাখা পৰিচালকে মন্তব্য দিয়াৰ পৰা বিৰত থাকে । আনহাতে, ঘটনা সংক্ৰান্তত বেংকৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব । উল্লেখ্য যে মাণিকপুৰৰ গাঁৱলীয়া বেংক (Manikpur AGVB), পঞ্জাব নেচনেল বেংক (Punjab National Bank), চেন্ট্ৰেল বেংক (Brokers at central bank branch in Manikpur) আৰু পাতিলাদহা গাঁৱলীয়া বেংক আদিত দালালৰ দপদপনিয়ে জ্বলাকলা দেখুৱাইছে সাধাৰণ গ্ৰাহকক ।