বঙাইগাঁৱত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক নিৰ্যাতনৰ অভিযোগ - ছাত্ৰ-ছাত্ৰীক নিৰ্যাতন
বঙাইগাঁৱত প্ৰধান শিক্ষকৰ বিৰুদ্ধে কণ কণ ছাত্ৰ-ছাত্ৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ ৷ শুকুৰবাৰে অভিভাৱকসকল বিদ্যালয়খনত উপস্থিত হৈ উত্তপ্ত কৰি তুলে পৰিস্থিতি ৷
বঙাইগাঁও,17মে': বঙাইগাঁৱৰ ৮৪৭ নং গেৰুকাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰতন চন্দ্ৰ দাসৰ বিৰুদ্ধে কণ কণ ছাত্ৰীৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে । অভিযোগ অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰতন চন্দ্ৰ দাসে ছাত্ৰ-ছাত্ৰী সকলক পাঠদান কৰাৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলক যৌন নিৰ্যাতন চলায় ৷ যাৰ বাবে শুকুৰবাৰে অভিভাৱকসকল বিদ্যালয়খনত উপস্থিত হৈ উত্তপ্ত কৰি তোলে পৰিস্থিতি ৷ ইপিনে অভিভাৱকসকলে প্ৰধান শিক্ষকজনৰ এনে কাণ্ডৰ উচিত শাস্তি দাবী কৰে ৷ অৱশ্যে ছাত্ৰ-ছাত্ৰীৰ এনে অভিযোগ অস্বীকাৰ কৰিছে প্ৰধান শিক্ষকগৰাকীয়ে ৷