বঙাইগাঁও, 11 নৱেম্বৰঃমহামাৰী কৰ'ণা ভাইৰাছে সকলোকে একপ্ৰকাৰ জুৰুলা কৰি পেলাইছে ৷ তেনে সময়তে কৰ'ণা ভাইৰাছ আৰু লকডাউনৰ ফলত আৰ্থিকভাৱে দুৰ্বল হৈ পৰা পদপথৰ ব্যৱসায়ীসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ পি এম ষ্ট্ৰীট ভেনদৰ্ছ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে সহায়ৰ হাত আগবঢ়াইছে কেন্দ্ৰ চৰকাৰে ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা এই আঁচনিৰ জৰিয়তে পদপথৰ ব্যৱসায়ীসকলে লাভ কৰিব পাৰিব ঋণ ৷ তাৰেই পৰিপ্ৰেক্ষিতত বুধবাৰে ভাৰতীয় ষ্টেট বেংকৰ বঙাইগাঁওস্থিত ক্ষেত্ৰীয় কাৰ্যালয়ৰ তৰফৰ পৰা বঙাইগাঁৱৰ পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত ঋণ প্ৰদান কৰা হয় ৷
বঙাইগাঁৱৰ পদপথৰ ব্যৱসায়ীক ঋণ প্ৰদান ভাৰতীয় ষ্টেট বেংকৰ - পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ী
পি এম ষ্ট্ৰীট ভেনদৰ্ছ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে সহায়ৰ হাত আগবঢ়াইছে কেন্দ্ৰ চৰকাৰে ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা এই আঁচনিৰ জৰিয়তে পদপথৰ ব্যৱসায়ীসকলে লাভ কৰিব পাৰিব ঋণ ৷ তাৰেই পৰিপ্ৰেক্ষিতত বুধবাৰে ভাৰতীয় ষ্টেট বেংকৰ বঙাইগাঁওস্থিত ক্ষেত্ৰীয় কাৰ্যালয়ৰ তৰফৰ পৰা বঙাইগাঁৱৰ পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত ঋণ প্ৰদান কৰা হয় ৷
এই ঋণ প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বঙাইগাঁও ৰাজহ চক্ৰ বিষয়া দীপন বৰ্মন, ক্ষেত্ৰীয় কাৰ্যালয়ৰ সহকাৰী মহাপ্ৰৱন্ধক গুৰুপদ হালদাৰ, বঙাইগাঁও পৌৰসভাৰ বিষয়ববীয়াৰ লগতে অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ বিষয়া উপস্থিত থাকে ৷ তদুপৰি এই অনুষ্ঠানতে ঋণ লাভ কৰা পদপথৰ ব্যৱসায়ীসকলক ব্যৱসায়ৰ বাবে সহায় হোৱাকৈ একোটা ছাতি আৰু ডিজিটেল লেন-দেন কৰাৰ বাবে এটাকৈ কিউ আৰ কোডো দিয়া হয় ৷ আনহাতে, বেংকৰ সহকাৰী মহাপ্ৰৱন্ধকগৰাকীয়ে সাংবাদিকৰ আগত কয় যে, বঙাইগাঁও জিলাৰ সকলো পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলে ঋণ বিচাৰি আবেদন কৰিব পাৰিব আৰু সেই সকলোকে বেংকৰ তৰফৰ পৰা ঋণ প্ৰদান কৰা হ'ব ৷