অসম

assam

ETV Bharat / state

জলসম্পদ বিভাগৰ আঁচিন ৰূপায়নৰ নামত দুৰ্নীতিৰ অভিযোগ - ভয়ংকৰ দুৰ্নীতি পোহৰলৈ

বঙাইগাঁৱত জলসম্পদ বিভাগৰ আঁচনি ৰূপায়ণত ভয়ংকৰ দুৰ্নীতি অভিযোগ ৷ বঙাইগাঁৱৰ অভয়াপুৰীৰ সৃজনগ্ৰামত নামমাত্ৰ কাম কৰি সামৰিলে ৯৬ লাখ টকীয়া আঁচনিৰ ৷

bongaigaon-road-construction-scam
জলসম্পদ বিভাগৰ আঁচিন ৰূপায়নৰ নামত দুৰ্নীতিৰ অভিযোগ

By

Published : Dec 8, 2020, 4:49 PM IST

বঙাইগাঁও,8 ডিচেম্বৰঃ ৰাজ্যৰ জলসম্পদ বিভাগ এতিয়া একাংশ ঠিকাদাৰৰ বাবে টকা ঘটাৰ বিভাগ হৈ পৰাৰ অভিযোগ উঠিছে ৷ জলসম্পদ বিভাগৰ তেনে এক ভয়ংকৰ দুৰ্নীতি পোহৰলৈ আহিছে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম আমগুৰি সস্তৰত ৷ জলসম্পদ বিভাগৰ আঁচনি ৰূপায়ণ অৰ্থাৎ মাটিৰে মথাউৰি নিৰ্মাণৰ বাবদ ধাৰ্য হোৱা ৯৬ লাখ টকাৰ আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ আনিছে গাঁওবাসীয়ে ৷

জলসম্পদ বিভাগৰ আঁচিন ৰূপায়নৰ নামত দুৰ্নীতিৰ অভিযোগ

উল্লেখযোগ্য যে, আঁচনি খনৰ প্ৰকল্প অনুসৰি আমগুৰি সস্তৰত ৪০০ মিটাৰ এটা নতুন মথাউৰি, ৫০০ মিটাৰ মেৰামতি, এটা কালভাৰ্টসহ, এটা উন্নতমানৰ শ্লুইচগেট, পুৰণি মথাউৰিৰ সম্পূৰ্ণ গছ-গছনি হাবি-জংঘল পৰিস্কাৰ কৰা, মথাউৰিৰ মাটিবোৰ সমান কৰি টাৰপিন দিয়াৰ কথা আছিল যদিও ৯৬ লাখ টকাৰ কামৰ ২৫ শতাংশও কাম নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে ৷

জলসম্পদ বিভাগৰ আঁচিন ৰূপায়নৰ নামত দুৰ্নীতিৰ অভিযোগ

ইপিনে নতুন মথাউৰিৰ নামত পুৰণি ৰিং বান্ধ এটাৰ ওপৰতে মাটি পেলাই নতুন মথাউৰি বনাইছে জলসিঞ্চন বিভাগে ৷ আনহাতে পুৰণি মথাউৰি নিৰ্মাণৰ নামত মাত্ৰ মাটি পেলাই কাম কৰাৰ অভিযোগ গাঁওবাসীৰ ৷ তাৰ সমান্তৰল ভাৱে প্ৰাককলন মতে মথাউৰিটো ৪.৫ মিটাৰ বহল হ’ব লাগে যদিও অধিকাংশ ঠাইতে বহল কম হোৱা বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে ৷

জলসম্পদ বিভাগৰ আঁচিন ৰূপায়নৰ নামত দুৰ্নীতিৰ অভিযোগ

লগতে পঢ়কঃ আজাৰা আৰক্ষীৰ জালত দুই চোৰ

ABOUT THE AUTHOR

...view details