অসম

assam

By

Published : Nov 6, 2020, 10:11 PM IST

ETV Bharat / state

বঙাইগাঁও পৌৰ সভাৰ ব্যতিক্ৰমী পদক্ষেপ

বঙাইগাঁও পৌৰ সভাৰ ব্যতিক্ৰমী পদক্ষেপ। পৌৰ সভাৰ অন্তৰ্গত সকলো গছৰ পৰা আঁতৰোৱা হ'ল পোষ্টাৰ বেনাৰ।

bongaigaon-municipality-ordes-to-clear-posters-from-tree
বঙাইগাঁও পৌৰসভাৰ ব্যতিক্ৰমী পদক্ষেপ

চিৰাং, ৬ নৱেম্বৰ: বঙাইগাঁও পৌৰ সভাৰ আদৰণীয় পদক্ষেপ । পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আৰু স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে বঙাইগাঁও পৌৰ সভাৰ কাৰ্যবাহী দণ্ডাধিশৰ নিৰ্দেশ অনুসৰি পৌৰ সভাৰ অন্তৰ্গত সকলো গছৰ পৰা আঁতৰোৱা হৈছে পোষ্টাৰ বেনাৰ। গছ সমূহত গজাল মাৰি বা গছৰ ক্ষতি কৰিব পৰা কেমিকেল জাতীয় আঠা ব‍্যৱহাৰ কৰি অন‍্যায় ভাৱে য'তে ত'তে গছত বিভিন্ন বিজ্ঞাপন, প্ৰচাৰ আদিৰ পোষ্টাৰ বেনাৰ নলগাবলৈ এক নিৰ্দেশনা জাৰি কৰিছে পৌৰ সভাৰ কাৰ্যবাহী দণ্ডাধিশ পুৰুষোত্তম দাসে।

বঙাইগাঁও পৌৰসভাৰ ব্যতিক্ৰমী পদক্ষেপ

কাৰ্যবাহী দণ্ডাধিশ গৰাকীৰ এই নিৰ্দেশনাৰ পিছতে পৌৰ সভাৰ ছাফাই কৰ্মচাৰী সকলে শুকুৰবাৰে চহৰখনত গছ সমূহৰ পৰা পোষ্টাৰ বেনাৰ আঁতৰোৱা পৰিলক্ষিত হয়। উল্লেখ্য যে, এতিয়াৰে পৰা বঙাইগাঁও পৌৰ সভা এলেকাত কোনো ব্যক্তি, দল সংগঠন তথা সংস্থাই এই নিষেধাজ্ঞা অমান‍্য কৰি গছত পোষ্টাৰ বেনাৰ আদি লগালে শাস্তিৰ সন্মুখীন হ'ব লাগিব । পৌৰ সভাৰ এই নিৰ্দেশনাক আদৰণি জনাইছে চহৰখনৰ প্ৰকৃতি প্ৰেমী দল সংগঠন তথা সাধাৰণ লোকে।

লগতে পঢ়কঃখিলঞ্জীয়াৰ ভূমি ৰক্ষাৰ নতুন আইন সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য

ABOUT THE AUTHOR

...view details