অসম

assam

By

Published : Feb 12, 2020, 10:33 PM IST

ETV Bharat / state

বঙাইগাঁৱত বিদ্যুতস্পৃষ্ট হৈ দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যু

বঙাইগাঁও জিলাৰ কাকৈজানা উজান ৰাভাপাৰাত অঘটন । বিদ্যুতস্পৃষ্ট হৈ দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যু,বন বিভাগে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

বঙাইগাঁৱত বিদ্যুতস্পৃষ্ট হৈ দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যু
বঙাইগাঁৱত বিদ্যুতস্পৃষ্ট হৈ দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যু

বঙাইগাঁও,12 ফেব্ৰুৱাৰীঃবঙাইগাঁও জিলাৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলত সোনালী বান্দৰৰ ভূমিত অঘটন । বুধবাৰে বিয়লি ৫ বজাত উজান ৰাভাপাৰাত বিদ্যুতস্পৃষ্ট হৈ পোৱালী থকা এজনী মাইকী সোণালী বান্দৰৰ মৃত্যু হয় । এই মৰ্মান্তিক দৃশ্য বন্দী হ'ল কেমেৰাত। মৃত মাতৃক আঁকোৱালি লৈ পোৱালিটোৰ কৰুণ চিঞৰ। তাৰ পিচতে বন বিভাগে মৃত বান্দৰ জনীক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়। বঙাইগাঁও জিলা আছুৰ সম্পাদক জ্যোতি শংকৰ চৌধুৰীয়ে কয় যে আপুৰুগীয়া এই সোণালী বান্দৰৰ মৃত্যুত আমি দুখ প্ৰকাশ কৰিছো । তেওঁ বন বিভাগ আৰু শক্তি বিভাগক দাবী জনায় যে কাকৈজানা সংৰক্ষিত এলেকাত বিদ্যুতৰ তাঁৰ সমূহ কভাৰসহ লগাবলৈ যাতে দুনাই কোনো সোণালী বান্দৰ এইদৰে বিদ্যুতস্পৃষ্ট হৈ মৃত্যু হ'বলগীয়া নহয় ।

বিদ্যুতস্পৃষ্ট হৈ দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যু
উল্লেখ কৰিব লাগিব যে ইয়াৰ পূৰ্বেও বিদ্যুতস্পৃষ্ট হৈ সোণালী বান্দৰৰ মৃত্যু হৈছিল লগতে কাকৈজানা সংলগ্ন ৩১নং বি ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা হৈয়ো এই দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যু হৈছিল কিন্ত তাৰ পিচতো বন বিভাগ বা জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই যাৰ বাবে আজি আকৌ এটা সোণালী বান্দৰৰ মৃত্যু হ'বলগীয়া হ'ল । সেয়ে এই ক্ষেত্ৰত বিভাগীয়ভাৱে অতিশীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় লোকে ।
বঙাইগাঁও জিলাৰ কাকৈজানা উজান ৰাভাপাৰাত অঘটন

ABOUT THE AUTHOR

...view details