চিৰাং,18মে': যোৱা ১২ মে'ত চিৰাঙৰ বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত দুৰ্বৃত্তই শ্বহীদ বেদী আৰু নাম ফলকত ক'লা ৰং সনাৰ প্ৰসংগত শনিবাৰে বঙাইগাঁও প্ৰেছ ক্লাবত চিৰাং জিলা ছাত্ৰ সন্থাই সংবাদ মেল সম্বোধন কৰে ৷ এই সংবাদমেলতে আছুৰ চিৰাং জিলা সভাপতি প্ৰাঞ্জল দাস, কেন্দ্ৰীয় সদস্য পাৰ্থজিত ৰায়ে বহুকেইটা গুৰুত্বপূৰ্ণ অভিযোগ দাঙি ধৰে ৷ তেওঁলোকৰ অভিযোগ কৰামতে এই সমগ্ৰ ঘটনাৰ সৈতে বাপ্পা দত্ত আৰু বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা উত্তম সাহা নামৰ লোক দুজন জড়িত আছে ৷
বাসুগাঁও কাণ্ডঃ চিৰাং আছুৰ আন্দোলন ঘোষণা - শ্বহিদ বেদীত কলা ৰং
চিৰাঙৰ বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত দুৰ্বৃত্তই কলা ৰং সনাৰ প্ৰসংগত দোষীক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত অহা ২১ মে'ৰ পৰা চিৰাং জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰিব বিভিন্ন গণ বিক্ষোভ কাৰ্যসূচী ৷ লগতে ইয়াৰ পিচতো জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহন নকৰিলে পৰৱৰ্তী সময়ত পথ অৱৰোধ আৰু বিশাল প্ৰতিবাদী সমদল উলিওৱাৰ হুংকাৰ চিৰাং জিলা ছাত্ৰ সন্থাৰ ৷
বিদেশী ঘোষিত উত্তম শাহাৰ নাম এন আৰ চিৰ ড্ৰাফ্টত অহাক লৈ আছুৱে তীব্ৰ বিৰোধিতা কৰি আহিছিল যাৰ বাবে উত্তম শাহাই আছুক টাৰ্গেট কৰিছে বুলি মন্তব্য সভাপতি প্ৰাঞ্জল দাসৰ ৷ ইপিনে এই ঘটনা সন্দৰ্ভত তিনিজনক ধৰিছিল যদিও থানাৰ পৰাই জামিনত এৰি দিয়ে আৰক্ষীয়ে । সেয়ে দোষীক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত অহা ২১ মে'ৰ পৰা চিৰাং জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰিব বিভিন্ন গণ বিক্ষোভ কাৰ্যসূচী ৷ লগতে ইয়াৰ পিচতো জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহন নকৰিলে পৰৱৰ্তী সময়ত পথ অৱৰোধ আৰু বিশাল প্ৰতিবাদী সমদল উলিওৱাৰ হুংকাৰ ছাত্ৰ সন্থাৰ ৷