অসম

assam

ETV Bharat / state

এবুকু পানীৰ মাজেৰে যাতায়ত আৰিমাৰা গাঁৱৰ লোকৰ

আৰিমাৰা গাঁৱৰ ৰাইজে এতিয়া মূল পথটোত এবুকু পানীৰ মাজেৰে বিপদসংকুলভাৱে খোজকাঢ়ি অথবা নাঁৱেৰে যাতায়াত কৰিবলগীয়া হৈছে ৷ আনকি ৰোগী নিবলৈ অহা ১০৮ এম্বুলেঞ্চো আধাবাটতে ৰৈ যাব লগা হয় এই পথৰ দুৰৱস্থাৰ বাবে ।

By

Published : Jul 11, 2021, 2:58 PM IST

Bangaigaon bad road story
এবুকু পানীৰ মাজেৰে যাতায়ত আৰিমাৰা গাঁৱৰ লোকৰ

বঙাইগাঁও, 11 জুলাই : নৈ নে পথ ! হয়, বঙাইগাঁও জিলাৰ বৰজানা গাঁও পঞ্চায়তৰ অন্তৰ্গত আৰিমাৰাৰ মূল পথটো দেখিলে আপোনাৰ মনলৈ আহিব এই প্ৰশ্ন ৷ আৰিমাৰা গাঁৱৰ ৰাইজে এতিয়া মূল পথটোত এবুকু পানীৰ মাজেৰে বিপদসংকুলভাৱে খোজকাঢ়ি অথবা নাঁৱেৰে যাতায়াত কৰিবলগীয়া হৈছে ৷ যাৰ বাবে চৰম যমৰ যাতনাত ভুগিবলগীয়া হৈছে অঞ্চলটোৰ স্থানীয় ৰাইজে ।

এবুকু পানীৰ মাজেৰে যাতায়ত আৰিমাৰা গাঁৱৰ লোকৰ

সম্প্ৰতি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গড়কাপ্তানী বিভাগৰ (PWD Department) জৰিয়তে কোটি কোটি টকা ব্যয় কৰি ৰাজ্যৰ গ্ৰামাঞ্চলৰ যাতায়ত ব্যৱস্থাৰ ব্যাপক উন্নয়ন সাধন কৰা বুলি দাবী কৰিলেও ইয়াৰ এক বিপৰীত ছবিহে স্পষ্ট ৰূপত জিলিকি উঠিছে বঙাইগাঁও জিলাৰ বৰজানা গাঁও পঞ্চায়তৰ অন্তৰ্গত আৰিমাৰা গাঁৱত । বিগত কিছুদিন পূৰ্বে হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলতে এইদৰে পথৰ মাজত সৃষ্টি হৈছে পুখুৰীৰ । ফলত এনেদৰে এবুকু পানীৰ মাজেৰে যাতায়ত ব্যৱস্থাৰে চৰম যমৰ যাতনাত ভুগিবলগীয়া হৈছে স্থানীয় ৰাইজে ।

বজাৰ, বিদ্যালয়, স্বাস্থ্যকেন্দ্ৰলৈ যোৱাৰ একমাত্ৰ পথটো দীৰ্ঘদিনৰ পৰা মেৰামতিৰ অভাৱত যাতায়তৰ বাবে হৈ পৰিছে অনুপোযোগী । আনকি ৰোগী নিবলৈ অহা ১০৮ এম্বুলেঞ্চো আধাবাটতে ৰৈ যাব লগা হয় এই পথৰ দুৰৱস্থাৰ বাবে ।

কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষ তথা বিধায়কক অৱগত কৰাৰ পিছতো চৰকাৰৰ দৃষ্টি নপৰা এই পথচোৱাত এতিয়া এবুকু পানী । সাধাৰণ পথচাৰীয়ে নিৰূপায় হৈ যাতায়তৰ বাবে ব্যৱহাৰ কৰিব লগা হৈছে টুলুঙা নাঁৱত । চৰকাৰ, সংশ্লিষ্ট বিভাগ তথা স্থানীয় বিধায়ক প্ৰদীপ সৰকাৰ দেৱক শীঘ্ৰেই পথছোৱাৰ উন্নতিকৰণৰ বাবে দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক :জোনাইত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই

ABOUT THE AUTHOR

...view details