অসম

assam

ETV Bharat / state

ভাৰতীয়ই ভাৰতত হ'ল বিদেশী, বঙাইগাঁৱত প্ৰতিবাদ - AAMSU PROTEST

প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ মুৰ্দাবাদ ,অসম চৰকাৰ হাই হাই, বৈধ নাগৰিকৰ ওপৰত হাৰাশাস্তি নচলিব আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । লগতে সংখ‍্যালঘু লোকৰ ওপৰত অত্যাচাৰ বন্ধ নকৰিলে ৰাজ্যজুৰি আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃত্বই ।

ভাৰতীয় নাগৰিকক বিদেশী ঘোষণা কৰাৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : May 31, 2019, 2:58 PM IST

Updated : May 31, 2019, 3:29 PM IST

বঙাইগাওঁ, ৩১ মেঃ বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ সন্মুখত ভাৰতীয় নাগৰিকক বিদেশী ঘোষণা কৰাৰ বিৰুদ্ধে সংখ্যালঘু ছাত্ৰ সন্থাৰ প্ৰতিবাদ । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ প্ৰতিবাদকাৰীৰ ।

ভাৰতীয় নাগৰিকক বিদেশী ঘোষণা কৰাৰ বিৰুদ্ধে প্ৰতিবাদ

অসম চৰকাৰৰ গৃহ বিভাগৰ অধীনস্থ সীমান্ত শাখাৰ আৰক্ষীয়ে ভাৰতীয় সেনা বিষয়া ম: সোনা উল্লাহৰ লগতে নিৰীহ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ ভাৰতীয় নাগৰিকক বিদেশী ঘোষণা কৰি ডিটেনশ্বন কেম্পত বন্দী কৰাৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ দাহ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি । লগতে প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ মুৰ্দাবাদ ,অসম চৰকাৰ হায় হায়, বৈধ নাগৰিকৰ ওপৰত হাৰাশাস্তি নচলিব আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । লগতে সংখ‍্যালঘু লোকক অত্যাচাৰ বন্ধ নকৰিলে ৰাজ্যজুৰি আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃত্বই ।

লগতে আন এটা বাতৰি - জুৰীয়াত চৈধ্যজন লোকক বিদেশী ঘোষণা

Last Updated : May 31, 2019, 3:29 PM IST

ABOUT THE AUTHOR

...view details