অভয়াপুৰী,23আগষ্টঃ বিজ্ঞানৰ উত্থানৰ পিছতো অন্ধবিশ্বাসৰ কবলৰ পৰা মুক্ত হ’ব পৰা নাই একাংশ লোক৷ এইবাৰ অন্ধবিশ্বাসৰ এক ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ নয়াগাঁৱত ৷ কেৱল অন্ধবিশ্বাসৰ বাবেই সৰ্পদংশনত মৃত্যু হোৱা এগৰাকী যুৱতীৰ মৃতদেহত চলালে বেজৰ দ্বাৰা জৰাফুঁকা ৷
অন্ধবিশ্বাসঃ সৰ্পদংশনত মৃত যুৱতীক লৈ জৰাফুঁকা বেজৰ
যোগীঘোপাত সৰ্পদংশনৰ ঘটনা । চিকিৎসকে মৃত ঘোষণাৰ পিছতো বেজৰ দ্বাৰা জৰাফুঁকা এগৰাকী যুৱতীক ।
সৰ্পদংশনত যুৱতী নিহত
জানিব পৰা মতে নয়াগাঁও তৃতীয় খণ্ডৰ বিমল ৰায়ৰ জেষ্ঠ কন্যা অলকা ৰায়ক বৃহস্পতিবাৰে সন্ধিয়া নিজ গৃহৰ বাৰান্দাতে দংশন কৰিছিল বিষাক্ত সাপে৷ লগে লগে বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাছিল যুৱতী গৰাকীক । কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে অলকা ৰায়ক । কিন্তু চিকিৎসালয়ৰ পৰা আনি পুনৰ যুৱতীগৰাকীৰ মৃতদেহত শুকুৰবাৰে দিনত জৰাফুঁকা কৰে একাংশ বেজে ৷ স্বাভাৱিকতে এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অভয়াপুৰীত ৷