অসম

assam

ETV Bharat / state

আই নদীৰ বাঢ়নী পানীয়ে বুৰালে উত্তৰ অভয়াপুৰীৰ বিস্তীৰ্ণ অঞ্চল - জলমগ্ন

৪ নং ভাণ্ডাৰা,৬ নং ভাণ্ডাৰা,৩নং আৰু ৭নং বাশবাৰী,তিলপুখুৰী,গৰাইমাৰী,টেন্টনপুৰ আদি কৰি প্ৰায় কুৰিখন গাওঁ জলমগ্ন ।

আই নদীৰ বাঢ়নী পানীয়ে বুৰালে উত্তৰ অভয়াপুৰীৰ বিস্তীৰ্ণ অঞ্চল

By

Published : Jun 25, 2019, 9:26 PM IST

বঙাইগাঁও,25 জুনঃ বঙাইগাঁও জিলাৰ মাজেৰে বৈ যোৱা আই নদীৰ বাঢ়নী পানীয়ে বুৰালে উত্তৰ অভয়াপুৰীৰ বিস্তীৰ্ণ অঞ্চল। মঙলবাৰে আবেলিৰ পৰা বাঢ়ি অহা বানপানীত প্লাৱিত প্ৰায় কুৰিখনৰো অধিক গাওঁ। বানপানীয়ে ছিঙিলে কীৰ্তনপাৰা-ডাঙাইগাওঁ সংযোগী এক মাত্ৰ পকী পথ। যাৰ ফলত কুৰি খনৰো অধিক গাঁৱৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে। ৪নং ভাণ্ডাৰা,৬নং ভাণ্ডাৰা,৩নং আৰু ৭নং বাশবাৰী,তিলপুখুৰী, গৰাইমাৰী,টেন্টনপুৰ আদি কৰি প্ৰায় কুৰিখন গাওঁ জলমগ্ন হয়। আনহাতে প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বাঢ়নী পানীয়ে ৰুদ্ৰ মূৰ্তি ধাৰণ কৰাৰ পিছতো আই নদীৰ বুকুত টুলুঙা নাৱেৰে বিপদ সংকুলভাৱে যাতায়ত অব্যাহত ৰাখিছে ৰাইজে৷

আই নদীৰ বাঢ়নী পানীয়ে বুৰালে উত্তৰ অভয়াপুৰীৰ বিস্তীৰ্ণ অঞ্চল

ABOUT THE AUTHOR

...view details