অসম

assam

ETV Bharat / state

আই নদীৰ খহনীয়াই জীয়াতু ভোগাইছে অভয়াপুৰীবাসীক - অভয়াপুৰী

উত্তৰ অভয়াপুৰীত আই নদীৰ গৰাখহনীয়াৰ সংহাৰী ৰূপ ৷ বাঢ়নী পানীৰ কোবাল সোঁতে খহাইছে মথাউৰি ৷ আতংকিত নৈপৰীয়া ৰাইজ ৷

আই নদীৰ খহনীয়াই জীয়াতু ভোগাইছে অভয়াপুৰীবাসীক

By

Published : Jun 26, 2019, 9:04 PM IST

বঙাইগাঁও, 26 জুন : বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰীৰ কীৰ্তন পাৰাত আই নদীৰ খহনীয়াই ৰুদ্ৰ মূৰ্তি ধৰি বিপাঙত পেলাইছে নৈপৰীয়া জনসাধাৰণক৷ দীৰ্ঘদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নৈৰ পানীৰ প্ৰচণ্ড হেঁচাত চপা চপে খহিছে আই নদীৰ পাৰ৷ পানীৰ সোঁতে মথাউৰি খহাবলৈ মাত্ৰ 2-3 ফুটহে বাকী আছে অঞ্চলটোত৷

আই নদীৰ খহনীয়াই জীয়াতু ভোগাইছে অভয়াপুৰীবাসীক

আই নদীৰ এই ৰুদ্ৰমূৰ্তিয়ে ভাবুকি নমাই আনিছে কীৰ্তন পাৰা-হালধিবাৰী সংযোগী মথাউৰিটোলৈ৷ মথাউৰি চিঙি যোৱাৰ লগে-লগে প্লাবিত হ'ব কীৰ্তন পাৰা, হালধিবাৰী,কাহিবাৰী, দেউটাৰীকে আদি কৰি 10 খনৰো অধিক গাঁও৷ এই আসন্ন বিপদৰ পৰা ৰক্ষা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষলৈ গাঁওবাসীয়ে বহু আবেদন-নিবেদন কৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষৰ কৃপা দৃষ্টি পৰা নাই অঞ্চটোত৷ যাৰ ফলত হাহাকাৰৰ সৃষ্টি হৈছে অঞ্চলটোৰ জনসাধাৰণৰ মাজত৷ অনতিপলমেই গৰাখহনীয়াৰ সমস্যা ৰোধ কৰাৰ বাবে কাৰ্যপন্থা হাতত ল'বলৈ প্ৰশাসনলৈ অনুৰোধ জনাইছে অঞ্চবাসীয়ে৷

ABOUT THE AUTHOR

...view details