অসম

assam

ETV Bharat / state

অভয়াপুৰীত যাতায়তৰ একমাত্ৰ ভৰসা ৭০০ ফুট দৈঘ্যৰ বাঁহৰ দলং - ৰাজহ সংগ্ৰহ

অবিশ্বাস্য । ৭০০ ফুট দীঘল বাঁহৰ দলং। ১০ লাখ টকা ব্যয়। বৃহত্তৰ অঞ্চলৰ হাজাৰ হাজাৰ লোকৰ যাতায়তৰ একমাত্ৰ মাধ্যম।

অভয়াপুৰীত যাতায়তৰ একমাত্ৰ ভৰসা ৭০০ ফুট দৈঘ্যৰ বাঁহৰ দলং

By

Published : May 22, 2019, 2:49 PM IST

বঙাইগাঁও, 22মে': বঙাইগাঁৱৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ নাৰাৰভিটা মানাহ নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে এখন বিশেষ দলং। প্ৰায় ১০ লক্ষাধিক টকা ব্যয় কৰি নিৰ্মাণ কৰা এই বাঁহৰ দলংখনৰ ওপৰেদি নিতৌ পাৰ হয় হাজাৰ হাজাৰ লোকৰ লগতে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী। টোপ গাঁও,কাছাৰ পেটি,কীৰ্তন পাৰা,অভয়াপুৰীৰ লগত লাংলা ৰঙাপানী কলগাছিয়া সংযোগী এই পথৰ ওপৰত থকা মানাহ নৈৰ এই দলঙৰ প্ৰতি কাণসাৰ নাই জনপ্ৰতিনিধিৰ। স্বাধীনতাৰ ৭০ বছৰ পাচতো ৰাইজৰ কষ্টৰ প্ৰতি গুৰুত্ব নাই বিধায়ক আব্দুল হাই নাগৰীৰ। যাৰ বাবে প্ৰতিদিনে ৰাইজে খৰচ কৰিব লগা হৈছে গাঠিৰ ধন। দুচকীয়া,চাৰিচকীয়া বাহনৰ যাতায়তৰ বাবদ আদায় দিব লাগে ৫০ৰ পৰা ১০০ টকা। বঙাইগাঁৱৰ জিলা পৰিষদৰ অধীনত থকা এই পাৰঘাটৰ পৰা ৰাজহ সংগ্ৰহ কৰি আহিছে চৰকাৰে।

বঙাইগাঁও জিলা পৰিষদৰ পৰা ৬ লাখ টকাৰে লিজত লৈ ১০ লাখ টকা ব্যয় সাপেক্ষে বাঁহেৰে দলং নিৰ্মাণ কৰি ৰাইজৰ যাতায়তৰ ব্যৱস্থা কৰি দি মুনাফা লুটিছে এটা চক্ৰই। বাৰিষাৰ সময়ত দলংখন ভাঙি ছিঙি যোৱাৰ পাচত দুৰ্ভোগ ভুগিবলগীয়া হয় ৰাইজে। স্থানীয় ৰাইজে নৈখনৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণৰ বাবে বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনোৱাৰ পাচতো কাণসাৰ নাই প্ৰশাসন তথা জনপ্ৰতিনিধিৰ।

অভয়াপুৰীত যাতায়তৰ একমাত্ৰ ভৰসা ৭০০ ফুট দৈঘ্যৰ বাঁহৰ দলং

ABOUT THE AUTHOR

...view details