বিলাসীপাৰা, 1 জুন : পূব বিলাসীপাৰাৰ চাপৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ৷ চাহ জনগোষ্ঠীৰ লোকসকলৰ পৰিচয় সম্পৰ্কে পাঠ্যপুঠিত বিভ্ৰান্তিকৰ তথ্য সন্নিবিষ্ট কৰা বুলি প্ৰতিবাদ আছাৰ৷
চাপৰত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ - etv assam
পাঠ্যক্ৰমত চাহ জনগোষ্ঠীৰ পৰিচয় ভুলকৈ দিয়াৰ বাবে প্ৰতিবাদত নামে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা৷
নৱম-দশম শ্ৰেণীৰ দ্ৰুতপাঠ "বৈচিত্ৰময় অসম"ত অসম সাহিত্য সভাৰ বিষয়ববীয়া সুশীল কুৰ্মীয়ে উৰাং,মঙন্ডা,চাউৰা আদি চাহ জনজাতীয় লোকসকল উৰিষ্যা,ঝাৰখন্ড,ছত্তিশগড়, আদি বিভিন্ন ৰাজ্যৰ পৰা চাহ পাত তুলিবলৈ অসমলৈ আহিছিল বুলি সন্নিবিষ্ট কৰা বাবেই প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই৷ শনিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে পূব বিলাসীপাৰাৰ চাপৰতো অসম সাহিত্য সভাৰ বিষয়ববীয়া সুশীল কুৰ্মীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷ ইপিনে, এই পাঠটোৱে ছাত্ৰ-ছাত্ৰী সকলক আদিবাসী সংক্ৰান্তত ভুল শিক্ষা প্ৰদান কৰিব বুলি শংকিত হৈ পৰিছে ছাত্ৰ সংগঠনটো৷