বঙাইগাঁও, 9 আগষ্ট :অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশমৰ্মে বঙাইগাঁও জিলাৰ টাপাট্টাৰী ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত অভয়াপুৰীৰ ৰাজীৱ ভৱনত সোমবাৰে ৭৯ সংখ্যক ভাৰত ত্যাগ দিৱস পালন কৰা হয় । এই উপলক্ষে আয়োজন কৰা সভাখন টাপাট্টাৰী ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি কেৰামত আলি আৰু বঙাইগাঁও জিলা কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি আবুল কাশেমে পতাকা উত্তোলন কৰি শুভাৰম্ভণি কৰে ৷ সভাৰ প্ৰথমতে ভাৰত ত্যাগ আন্দোলন নেতৃত্ব লোৱা মহামানৱ মহাত্মা গান্ধী আৰু গান্ধীজী সতীৰ্থ সকলক শ্ৰদ্ধা জ্ঞাপন কৰা হয় ৷
উল্লেখ্য যে, ১৯২১ চনৰ পৰাই সংগঠিত ৰূপত গঢ় লোৱা এই সংগ্ৰাম ক্ৰমান্বয়ে তীব্ৰতৰ হৈ আহি ১৯৪২ চনত চূড়ান্ত পৰ্যায়ত উপনীত হৈছিল । স্বাধীনতা আন্দোলনক চূড়ান্ত পৰ্যায়ত উপনীত কৰা বিয়াল্লিছৰ গণ আন্দোলন দৰাচলতে আছিল সুদীৰ্ঘ স্বাধীনতা আন্দোলনৰ ক্ৰমবিকাশৰেই ফল । ১৯৪২ চনৰ ৮ আগষ্টৰ দিনা বোম্বাই চহৰত নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ভাৰত ত্যাগ আন্দোলনৰ বৈপ্লৱিক প্ৰস্তাৱ গ্ৰহণ কৰি বিদেশী শাসনত চৰম আঘাত সানিবলৈ জনগণক উৎসাহিত কৰি তুলিছিল ।
লগতে পঢ়ক:তিনিচুকীয়াত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ