বঙাইগাঁও, ২৯ জুলাই:বঙাইগাঁও চহৰৰ আৰক্ষী অভিবৰ্তন কেন্দ্ৰত দুদিনীয়াকৈ অনুষ্ঠিত আৰক্ষী অধীক্ষক সন্মিলনৰ আজি সামৰণি পৰে ৷ ইয়াৰ পিচতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল আয়োজন কৰি আৰক্ষী অধীক্ষকসকলৰ সন্মিলনত গ্ৰহণ কৰা সিদ্ধান্তসমূহ ব্যক্ত কৰাৰ লগতে পৰৱৰ্তী দিনত বিষয়সমূহ ৰূপায়ণ কৰা হ’ব বুলি প্ৰকাশ কৰে ৷
অসম চৰকাৰৰ মুখ্য সচিব পৱন বৰঠাকুৰ আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ উপস্থিতিত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিগত দিনত কাজিৰঙা কঁহৰা, দুলীয়াজান, ডেৰগাঁৱৰ পাচত বঙাইগাঁৱত আৰক্ষী অধীক্ষক সন্মিলন অনুষ্ঠিত হোৱাৰ পাচত পৰৱৰ্তী পঞ্চম সন্মিলন খনি অহা ছমাহৰ ভিতৰত ডিচেম্বৰত যোৰহাটত অনুষ্ঠিত হোৱাৰ কথা প্ৰকাশ কৰে ৷
এই সন্মিলনৰ জৰিয়তে অসমৰ অপৰাধ প্ৰৱণতা ৰোধ কৰাৰ তথ্য পোহৰলৈ আহিছে বুলি কয় ৷ মুখ্যমন্ত্ৰীয়ে প্ৰতিখন জিলাৰ গোচৰৰ ভিত্তিত চাৰ্জশ্বিট সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে শিশু আৰু মহিলাৰ ওপৰত হোৱা অপৰাধৰ ওপৰতো বিশেষভাৱে আলোচনা কৰা হয় বুলি ব্যক্ত কৰে ৷ বিগত ২০২১ চনৰ তুলনাত ২০২২ চনত অসমত গোচৰৰ সংখ্যা হ্ৰাস হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অসমত শিশু আৰু মহিলাৰ ওপৰত হোৱা অপৰাধ প্ৰৱণতা দ্ৰুত গতিত কমিছে বুলি উল্লেখ কৰে ৷
অৱশ্যে এন চি পি বিৰ (National Crime Records Bureau) ৰিপ’ৰ্ট পালে ইয়াৰ ওপৰত তথ্য পোৱা যাব বুলি কয় ৷ মুখ্যমন্ত্ৰীয়ে বিগত দিনত চৰকাৰে লোৱা পদক্ষেপৰ পাচত বাল্য বিবাহ যথেষ্ট কমিছে বুলি উল্লেখ কৰে ৷ আৰক্ষী অধীক্ষক সকলে বাল্য বিবাহ বৰ্তমান নাই বুলি কোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে এই বাল্য বিবাহ একেবাৰে শূন্য কৰিব লাগিব বুলি সকীয়নি দিয়াৰ লগতে অহা ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ অভিযান চলাই যাবলৈ আৰক্ষী অধীক্ষকসকলক শূন্য কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰে ৷
ড্ৰাগছৰ ওপৰতো কঠোৰ পদক্ষেপ ল’বলৈ আৰক্ষী অধীক্ষকসকলক নিৰ্দেশনা দিয়াৰ কথা উল্লেখ কৰে ৷ অসমত বৰ্তমান প্ৰায় ২৫০ আউট পোষ্ট, পুলিচ পেট্ৰলিং পোষ্ট আছে ৷ কেছৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰ পৰা সকলো আউট পোষ্ট পেট্ৰলিং পোষ্টক উন্নীত কৰি থানালৈ ৰূপান্তৰ কৰা হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ ৷ অসমত চাৰিশ থানা আছে যদিও নতুন থানা স্থাপনৰ সিদ্ধান্ত লোৱা নহ’ব বুলিও তেওঁ সংবাদ মেলত অৱগত কৰে ৷