অসম

assam

ETV Bharat / state

বাংলাদেশী নাগৰিকক আশ্ৰয় প্ৰদানক লৈ বঙাইগাঁৱত উত্তেজনা - ভাৰতীয় নাগৰিকে

কোকিলাৰ গোলাপাৰা প্ৰথম খণ্ডত তিনি গৰাকী বাংলাদেশী নাগৰিক আশ্ৰয় দিয়াত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি । আশ্ৰয় দিয়া ঘৰৰ গৰাকীয়ে লোককেইজন বাংলাদেশী নাগৰিক বুলি নাজানিহে আশ্ৰয় দিছিল বুলি জানিব দিয়ে ৷

as-bangaigaon-3-bangladeshi-citizen-arrest-at-bongaigaon-vis-ASC10081
বাংলাদেশীক লৈ বঙাইগাঁৱত উত্তেজনা

By

Published : Jul 3, 2021, 10:37 PM IST

মানিকপুৰ, 3 জুলাই :বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা প্ৰথম খণ্ডত আজমহৰৰ ঘৰত তিনি গৰাকী বাংলাদেশী নাগৰিকক আশ্ৰয় দিয়া ঘটনাই অঞ্চলটোত সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । জানিবপৰা মতে, বাংলাদেশৰ বাগেৰহাট জিলাৰ মৰিলাগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত আমতলি বজাৰ গাঁৱৰ কৰিমা তালুকদাৰ (২০), নাছৰিন খান (২৭)আৰু আব্দুল খান (৫৫)য়ে কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা ১ ম খণ্ডৰ আজমহৰৰ ঘৰত আশ্ৰয় লৈ আছিল । আনকি স্থানীয় কালু মিঞা নামৰ এজন যুৱকে বাংলাদেশী নাগৰিকক গাঁও খনত থকাৰ ব্যৱস্থা কৰি দিয়া বুলি জানিব পাৰি স্থানীয় ৰাইজ ওলাই আহি বাংলাদেশী নাগৰিক তিনিগৰাকীক আৰক্ষীক গতাই দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰে ।

বাংলাদেশীক লৈ বঙাইগাঁৱত উত্তেজনা

কিন্তু দুষ্টচক্ৰটোৱে ৰাইজৰ অজ্ঞাতে বাংলাদেশী নাগৰিকক গোলাপাৰাৰ পৰা দুদিন পূৰ্ৱে আন ঠাই লৈ পঠিয়াই দিয়ে বুলি অভিযোগ উত্থাপন হৈছে । সম্প্ৰতি ঘটনাটো পোহৰলৈ অহাত আমছুৰ লগতে স্থানীয় ৰাইজে বাংলাদেশী নাগৰিকক আশ্ৰয় দিয়া দুষ্টচক্ৰটোক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰি দিবলৈ দাবী জনাইছে । উল্লেখ্য যে, আজমহৰ আলী আৰু কালু মিঞাই সাংবাদিকক আগত উল্লেখ কৰে যে, বাংলাদেশী নাগৰিক বুলি নাজানিহে আশ্ৰয় দিছিল ।

মন কৰিবলগীয়া যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে ৷ একাংশ ভাৰতীয় নাগৰিকে বিদেশী লোকক ৰঙা দলিচা পৰাৰ লগতে ভাৰতত প্ৰৱেশৰ বাবে সুযোগ সুবিধা কৰি দি আশ্ৰয় দি আহিছে ৷ যাৰ ফলত অসমৰ বিভিন্ন প্ৰান্তত অবৈধ বাংলাদেশী লোকৰ দপদপনি দিনক দিনে বৃদ্ধি পাৱলৈ ধৰিছে ৷

লগতে পঢ়কঃ এতিয়া ৰাইফল অ’মেনে নিয়ন্ত্ৰণ কৰিব জম্মু-কাশ্মীৰৰ পৰিস্থিতি

ABOUT THE AUTHOR

...view details