অসম

assam

ETV Bharat / state

বিপ্লৱী যুৱ সন্থা আৰু আইছাৰ উদ্যোগত ছাত্ৰ যুৱ সমাৰোহ - বিপ্লৱী যুৱ সন্থা আৰু আইছাৰ উদ্যোগত ছাত্ৰ যুৱ সমাৰোহ

শনিবাৰে বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগাঙৰ এক ভৱনত বিপ্লৱী যুৱ সন্থা আৰু নিখিল ভাৰত ছাত্ৰ সন্থাৰ (আইছা) উদ্যোগত অনুষ্ঠিত হয় ছাত্ৰ যুৱ সমাৰোহ । এই সমাৰোহৰ লগত সংগতি ৰাখি বৰগাং চেণ্টাৰৰ পৰা এক প্ৰতিবাদী সমদল উলিওৱা হয় ।

বিপ্লৱী যুৱ সন্থা আৰু আইছাৰ উদ্যোগত অনুষ্ঠিত ছাত্ৰ যুৱ সমাৰোহ
বিপ্লৱী যুৱ সন্থা আৰু আইছাৰ উদ্যোগত অনুষ্ঠিত ছাত্ৰ যুৱ সমাৰোহ

By

Published : Feb 14, 2021, 10:35 AM IST

বিশ্বনাথ,14 ফেব্ৰুৱাৰীঃশনিবাৰে বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগাঙৰ এক সমূহীয়া ভৱনত বিপ্লৱী যুৱ সন্থা আৰু নিখিল ভাৰত ছাত্ৰ সন্থাৰ (আইছা) উদ্যোগত অনুষ্ঠিত হয় ছাত্ৰ যুৱ সমাৰোহ । এই সমাৰোহত উপস্থিত থাকে বিহাৰৰ পালিগঞ্জ সমষ্টিৰ বিধায়ক তথা জেএনইউ-ৰ প্ৰাক্তন সম্পাদক সন্দীপ সৌৰভ, বিশ্বনাথ জিলাৰ প্ৰাক্তন আছু নেতা অৰূপ তামুলী, চিপিআই (এম-এল)ৰ ৰাজ্যিক সদস্য পংকজ দাস আৰু লীলা শৰ্মা, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চাৰ্কোল সমিতিৰ সভাপতি নৰোত্তম চুণ্ডী, নিখিল ভাৰত ছাত্ৰ সন্থাৰ উপ সভাপতি জ্যোতিপ্ৰকাশ বৰা, কৃষক মহাসভাৰ নেতা লক্ষ্মীকান্ত কুৰ্মীৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷

বিপ্লৱী যুৱ সন্থা আৰু আইছাৰ উদ্যোগত অনুষ্ঠিত ছাত্ৰ যুৱ সমাৰোহ

এই সমাৰোহৰ আৰম্ভণিতে দিল্লীৰ কৃষক আন্দোলনত মৃত্যু হোৱা কৃষকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় । সভাত চৰকাৰী স্কুল সমূহত পৰ্যাপ্ত শিক্ষক নিযুক্তি, ভূমিহীনক মাটিৰ পট্টা প্ৰদান, বিহালী সমষ্টিত মন্ত্ৰী ৰঞ্জিত দত্তৰ পৃষ্ঠপোষকতাত সংঘটিত দুৰ্নীতিৰ সঠিক তদন্ত, অখিল গগৈৰ মুক্তি আদিৰ দাবী জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় । সভাৰ আৰম্ভণিতে বৰগাং চেণ্টাৰৰ পৰা এক প্ৰতিবাদী সমদলো উলিওৱা হয় । এই যুৱ সমাৰোহ অনুষ্ঠানৰ পৰাই অসম তথা কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে চিপিআই (এম-এল) আৰু নিখিল ভাৰত ছাত্ৰ সন্থাই ৷ শিক্ষা আৰু নিবনুৱা সংস্থাপনক শত্ৰু জ্ঞান কৰি দেশৰ চৰকাৰী অনুষ্ঠান আদানী, আম্বানী আদি কোম্পানীক গতাই দিছে বুলি মন্তব্য কৰে সংগঠন দুটাই ৷

লখিমপুৰত বৃহৎ নদী বান্ধ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰি জন সাধাৰণৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ চিপিআই(এম-এল)য়ে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো বিজেপি চৰকাৰৰ জন বিৰোধী নীতিৰ বিৰুদ্ধে তীব্ৰ সংগ্ৰাম গঢ়ি তোলাৰ লগতে আৰু দৰিদ্ৰ জন সাধাৰণৰ অধিকাৰৰ হকে থিয় হ’ব বুলি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সম্পাদক তথা বিহাৰৰ পালিগঞ্জ সমষ্টিৰ বিধায়ক সন্দীপ সৌৰভে মন্তব্য কৰে ৷

বিপ্লৱী যুৱ সন্থা আৰু আইছাৰ উদ্যোগত অনুষ্ঠিত ছাত্ৰ যুৱ সমাৰোহ

আনহাতে, চিপিআই (এম-এল)ৰ নেতা বিবেক দাসে বিহালীত ৰঞ্জিত দত্তই চৰকাৰী আঁচনি ৰূপায়ণত দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে ৷ আনকি জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা বিজেপিয়ে বাংলাদেশ, পাকিস্তান, আফগানিস্তান আদিৰ লোকক মাটি-ভেটি প্ৰদান কৰি নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰা বুলিও মন্তব্য প্ৰদান কৰে ৷

ইফালে বিশ্বনাথৰ প্ৰাক্তন আছু নেতা অৰূপ তামুলীয়ে সভাত অতিথি হিচাপে অংশগ্ৰহণ কৰি অসমীয়া জাতিৰ ভাষা, সংস্কৃতি বিৰোধী বিজেপি চৰকাৰক কটু সমালোচনা কৰে ৷

লগতে পঢ়কঃপ্ৰাদেশীকৰণে ভাবুকি কঢ়িয়াইছে বহু বিদ্যালয়লৈ

ABOUT THE AUTHOR

...view details