বিশ্বনাথ, ২৪ এপ্ৰিল :দেশৰ লগতে ৰাজ্যলৈ পুনৰ ক'ৰণা আতংক নামি অহাৰ লগে লগে পুনৰ আন এক সন্ত্ৰাস চলাবলৈ আৰম্ভ কৰিছে ৰাজ্যৰ একাংশ অসাধু ব্যৱসায়ীয়ে । ৰাজ্যত ক'ৰণা সংক্ৰমণ ৰোধ কৰাৰ বাবে আৰক্ষী-প্ৰশাসনৰ বিষয়া সকল ব্যস্ত থকা সময়তে একাংশ অসাধু ব্যৱসায়ীয়ে অনিয়ন্ত্ৰিতভাৱে অত্যাৱশ্যকীয় খাদ্য সমগ্ৰীৰ মূল্য বৃদ্ধি কৰাৰ এক অভিযোগ উত্থাপন হৈছে বিশ্বনাথত ৷
স্থানীয় একাংশ সচেতন লোকে সদৰি কৰা মতে, বিশ্বনাথত এতিয়া অসাধু ব্যৱসায়ীয়ে সৰ্বসাধাৰণ ৰাইজৰ মুৰত মাধমাৰ সোধাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে ৷ যাৰ বাবে এতিয়া মহিলা সকলে পাকঘৰত ৰন্ধা বহা কৰোতে এশবাৰ ভাবিবলগীয়া হৈছে ৷