ৰাজ্যত এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিত জটিলতা !
নতুন পদ সৃষ্টিৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা ৰাজ্য চৰকাৰৰ । বিভাগসমূহলৈ বিত্ত বিভাগ(Finance Department)ৰ নিৰ্দেশনা । ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা গুৰুত্বপূর্ণ সিদ্ধান্ত বৰ্তমানলৈকে ৰাজহুৱা কৰা হোৱা নাই । ৰাজ্য চৰকাৰৰ বিত্তীয় অৱস্থা সূচল নোহোৱাৰ বাবেই নতুন পদ সৃষ্টি কৰিব বিচৰা নাই । এক লাখ পদত নিযুক্তি দিলে বছৰি অতিৰিক্ত 8 হাজাৰ কোটি টকাৰ প্ৰয়োজন হ’ব ৷
উত্তৰাখণ্ডত ধাৰাসাৰ বৃষ্টিপাত : সতৰ্কতা ৰেখাৰ ওপৰেৰে গংগা
উত্তৰাখণ্ডত নেৰানেপেৰা বৰষুণৰ ফলত গংগা নদীৰ জলস্তৰে সতৰ্কতা ৰেখা অতিক্ৰম কৰিছে । কেইবাটাও ঘাট জলমগ্ন হোৱাৰ লগতে পৰমাৰ্থ নিকেতন ঘাটত নিৰ্মিত শিৱৰ মূৰ্তি স্পৰ্শ কৰি প্ৰবাহিত হৈছে গংগাৰ পানী ৷ গংগাৰ জলস্তৰ আৰু মাত্ৰ কেই চেণ্টিমিটাৰমান অতিক্ৰম কৰিলেই বিপদসীমাৰ ওপৰেদি ব’ব পানী ৷
C-TET 2021 ৰ বাবে ৰেজিষ্ট্ৰেশ্যনৰ সময়সীমা 25 অক্টোবৰলৈ বৃদ্ধি
C-TETৰ বাবে অনলাইন প্ৰ-পত্ৰ জমা দিয়াৰ শেষ দিন 19 অক্টোবৰৰ পৰা 25 অক্টোবৰলৈ বৃদ্ধি কৰিছে Central Board of Secondary Education য়ে ৷ নিম্নতম 55 শতাংশ নম্বৰ বা সমতুল্য গ্ৰেড আৰু তিনি বছৰীয়া ইণ্টিগ্ৰেটেড BEd-MEd থকা স্নাতকোত্তৰ অৰ্হতা থকা প্ৰাৰ্থীসকলেও পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰে ।
শিলচৰত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদী সমদল
দুৰ্গা পূজা(Durga Puja)ৰ দিনাই কোনো সাম্প্ৰদায়িক অপশক্তিয়ে বাংলাদেশত মা দুর্গাৰ মূৰ্তি ভাঙি পেলোৱাৰ বিৰোধিতা কৰি শিলচৰত বিশ্ব হিন্দু পৰিষদ(Bishwa Hindu Parishad)ৰ প্ৰতিবাদী সমদল বাহিৰ ৷ এটি বাইক ৰেলীৰে বাংলাদেশৰ ধৰ্মীয় হিংসাৰ বিৰুদ্ধে প্ৰতিবাদ(Protest) সাব্যস্ত কৰে বিশ্ব হিন্দু পৰিষদে ৷
বৰাক-ব্ৰহ্মপুত্ৰৰ মাজৰ সম্প্ৰীতি ধ্বংস কৰিবলৈ একাংশই চেষ্টা কৰিছে : প্ৰশান্ত ফুকন
ৰাজ্য চৰকাৰে বৰাক-ব্ৰহ্মপুত্ৰৰ মাজৰ সম্প্ৰীতি পূৰ্বতকৈ অধিক শক্তিশালী হৈছে বুলি কৈ থকাৰ সময়তে বৰাকত সোমবাৰে অপমান কৰা হয় অসমীয়া ভাষাক । এই ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়া ।