বিশ্বনাথ, 4 নৱেম্বৰ : বহিঃৰাজ্য মণিপুৰৰ পৰা জালনোট সৰবৰাহ কৰিবলৈ আহি বিশ্বনাথ আৰক্ষীৰ জালত পৰিল তিনি মনিপুৰী যুৱক । লগতে আটক হৈছে লখিমপুৰৰ এজন গাড়ী চালক। ধৃত যুৱক কেইজন হৈছে মণিপুৰৰ হবিজাম মংগলজাও সিং,খুলেম দিলেম সিং,সমেন্দ্ৰ জিৎ সিং আৰু গাড়ী চালক সুৰজ আলী ।
বিশ্বনাথ আৰক্ষীৰ জালত তিনি মণিপুৰী জালনোট ব্যৱসায়ী আটকাধীন যুৱক কেইজনৰ পৰা 72 হাজাৰ নগদ ধন,6 টা মোবাইল ফোনৰ হেণ্ডচেট আৰু কেইবাখনো বিভিন্ন বেংকৰ এটিএম কাৰ্ড জব্দ কৰে আৰক্ষীয়ে ।
বিশ্বনাথ আৰক্ষীৰ জালত তিনি মণিপুৰী জালনোট ব্যৱসায়ী উল্লেখ্য যে,বুধবাৰে পুৱতি নিশা গোপন সুত্ৰৰ পম খেদি বিশ্বনাথ জিলা আৰক্ষীৰ এটা দলে বৰগাং আৰক্ষী চকীৰ সমীপত নাকা চেকিং কৰি থাকোতেই জালনোটৰ ব্যৱসায়ী দলটোক আটক কৰিবলৈ সক্ষম হয় । যুৱক কেইজনে ব্যৱহাৰ কৰা A-AS-07C-8259 নম্বৰৰ এখন মহিন্দ্ৰা স্কৰপিঅ’ বাহন জব্দ কৰিছে আৰক্ষীয়ে । বৰ্তমান জিলা আৰক্ষীয়ে যুৱক কেইজনক নিজ জিম্মাত ৰাখি সোধ-পোচ অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :জলসম্পদ বিভাগৰ হেমাহিত খোৱাঙৰ দিহিং মথাউৰিৰ বিধ্বস্ত অৱস্থা