অসম

assam

ETV Bharat / state

বিশ্বনাথৰ হনুমান মন্দিৰত চোৰৰ চাফাই অভিযান - মঠ মন্দিৰত চোৰৰ দপদপনি

বিশ্বনাথত অব্যাহত আছে মঠ মন্দিৰত চোৰৰ দপদপনি ৷ হনুমান মন্দিৰৰ তলা ভাঙি চোৰে চুৰ কৰিলে টকা আৰু সামগ্ৰী ৷

Biswanath
হনুমান মন্দিৰত চোৰৰ চাফাই অভিযান

By

Published : Nov 27, 2019, 5:05 PM IST

বিশ্বনাথ, 27 নৱেম্বৰঃ চোৰৰ বাবে মঠ-মন্দিৰ সহজে টকা ঘটাৰ লক্ষ্যস্থান হৈ পৰিছে ৷ প্ৰায়ে মঠ-মন্দিৰৰ পৰা সামগ্ৰী চুৰি হোৱা ঘটনা বাতিৰৰ শিৰোণামাত থাকে ৷ তেনে এক ঘটনা সংঘটিত হ'ল বিশ্বনাথ জিলাৰ চতিয়াৰ কৰৈয়নীস্থিত হনুমান মন্দিৰত ৷

হনুমান মন্দিৰত চোৰৰ চাফাই অভিযান
বুধবাৰে পুৱতি নিশা চোৰে হনুমান মন্দিৰটোৰ তলা ভাঙি মন্দিৰৰ ভিতৰত থকা বহু মূল্যৱান সামগ্ৰীৰ লগতে 30 হাজাৰ টকা চুৰি কৰি লৈ যায় ৷ ইপিনে বিশ্বনাথত ক্ৰমান্বয়ে চোৰে ধাৰ্মিকস্থান সমূহত চুৰিৰ কৰাৰ লক্ষ্যস্থান হিচাপে বাচি লোৱাৰ বাবে ভক্তসকলে এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে প্ৰশাসনক ৷

ABOUT THE AUTHOR

...view details