অসম

assam

By

Published : Oct 21, 2019, 9:20 AM IST

ETV Bharat / state

বিহালীত অব্যাহত বন্যহস্তীৰ তাণ্ডৱঃ হাতীৰ জাকে ভাঙিলে 3টাকৈ বাসগৃহ

বিহালীত বন্যহস্তীৰ তাণ্ডৱ ৷ হাতীৰ জাকে ভাঙি লণ্ড-ভণ্ড কৰে ৩ টাকৈ বাসগৃহ ৷ কথমপি প্ৰাণ ৰক্ষা ২ মহীয়া দেৱশিশু সহিতে পৰিয়ালকেইটাৰ ৷

বিহালীত বন্যহস্তীৰ জাকে ভাঙিলে 3টাকৈ বাসগৃহ


বিশ্বনাথ,20 অক্টোবৰঃ বিহালী খেলমাটিত দেওবাৰে নিশা বন্যহস্তীৰ জাকে ৪ টাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে বৰগাংস্থিত কেথলিক চিকিৎসালয়ৰ দেৱালৰ বিস্তৰ ক্ষতিসাধন কৰে ৷ বনৰীয়া হাতীৰ পালটোৰ আক্ৰমণত ২ মহীয়া দেৱশিশু সহিতে ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷

বিহালী সমষ্টিৰ খেলমাটিত যোৱা নিশা বন্যহস্তীয়ে তাণ্ডৱ চলাই চলাই ৪ টাকৈ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে । বাসগৃহ কেইটাত মজুত ৰখা চাউল, আটাকে ধৰি অন্যান্য সামগ্ৰী সমূহৰো ক্ষতি সাধন কৰে বন্যহস্তীয়ে । বন্যহস্তীৰ দলটোৱে বিহালীৰ ভীমদাংগা খেলমাটিৰ দীপক চুৰিণ, বিভাষ মাহেলি আৰু বাবলু ওৰাঙৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে । ইফালে, বনবিভাগক খবৰ দিয়াৰ পাছতো পুৱা পৰ্যন্ত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাই । চৰকাৰ তথা প্ৰশাসনক পৰিয়াল কেইটাই অতি সোনকালে কিছু হ'লেও আৰ্থিক সাহাৰ্য প্ৰদান কৰি স্বচ্ছল জীৱন নিৰ্বাহৰ সুবিধা প্ৰদান কৰাৰ আহ্বান জনাইছে ৷

বিহালীত বন্যহস্তীৰ জাকে ভাঙিলে 3টাকৈ বাসগৃহ

আৰু পঢ়ক

ABOUT THE AUTHOR

...view details