চতিয়া, ৮ জুন:চতিয়াৰ অন্তৰ্গত হাতিঙা ৰামপুৰৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ শান্তনু হাজৰিকাই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৯.৩% সহ ডিষ্টিংচন লাভ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে দিন হাজিৰা কৰি ঘৰ চলোৱা দ্বিজেন হাজৰিকাৰ পুত্ৰ শান্তনুৱে হাতিঙা হাইস্কুলত অধ্যয়ন কৰিছিল ৷ ভৱিষ্যতে এজন চফটৱেৰ অভিযন্তা হোৱাৰ আশা পুহি ৰখা শান্তনুৱে পৰৱৰ্তী সময়ত স্থানীয় ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত বিজ্ঞান শাখাত অধ্যয়ন কৰাৰ ইচ্ছা প্ৰকাশ কৰে ৷ বৰ্তমানে দিন হাজিৰা কৰি কোনোমতে চাৰিজনীয়া পৰিয়ালটো পোহপাল দি থকা শান্তনুৰ পিতৃ দ্বিজেন হাজৰিকাই আগন্তুক সময়ত শান্তনুৰ পঢ়াৰ ক্ষেত্ৰত সকলো ৰাইজৰ সহায়-সহযোগিতা বিচাৰিছে ৷
চতিয়াৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ শান্তনু হাজৰিকাৰ সফলতা - চতিয়া
ভৱিষ্যতে এজন চফটৱেৰ অভিযন্তা হোৱাৰ আশা পুহি ৰখা শান্তনুৱে পৰৱৰ্তী সময়ত স্থানীয় ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত বিজ্ঞান শাখাত অধ্যয়ন কৰাৰ ইচ্ছা প্ৰকাশ কৰে ৷
চতিয়াৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ শান্তনু হাজৰিকাৰ সফলতা