বিশ্বনাথ, 4 মে' : বিশ্বনাথৰ জিলা দণ্ডাধীশ পৱিত্ৰ ৰাম খাউণ্ডে ফৌজদাৰী দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত তথা অসম মীন আইন, ১৯৫৩ (সংশোধিত, ২০০৫) অনুসৰি সমগ্র জিলাতে বলৱৎ হোৱাকৈ মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। ২৪ এপ্ৰিলৰ পৰা বলৱৎ হোৱা এই নিষেধাজ্ঞা অহা ১৫ জুলাইলৈকে বাহাল থাকিব।
বিশ্বনাথত কণীযুক্ত মাছ ধৰাত নিষেধাজ্ঞা - নিষেধাজ্ঞা
এই সময়ছোৱাত আঢ়ৈ ইঞ্চিতকৈ সৰু বৰ্গৰ ফাঁকৰ বৰজাল, মহাজাল, ভোৰজাল, ফাঁচীজাল বা অন্য জাল ব্যৱহাৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই সময়ছোৱা মাছৰ প্ৰজনন ঋতু হোৱা বাবে ৰৌ, বাহু, কুঢ়ি, মিৰিকা, মালী, চিতল, খৰিয়া, পিঠিয়া, ঘৰীয়া প্ৰজাতি মাছৰ কণী অথবা শুক্ৰ থকা গাভিনী মাছ ধৰাটো নিষেধ কৰা হৈছে।
এই নিষেধাজ্ঞা অনুসৰি ২৪ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ জিলাখনৰ নৈ, বিল, পুখুৰী আৰু মাছ থকা অন্যান্য জলাশয়সমূহত ৭ ছেন্টিমিটাৰ বাৰ/ ১৪ ছেন্টিমিটাৰতকৈ কম পাহিৰ বেৰজাল, মহাজাল, ফাঁচীজাল অথবা অন্য জাল ব্যৱহাৰ কৰিব নোৱাৰিব। এই সময়ছোৱাত আঢ়ৈ ইঞ্চিতকৈ সৰু বৰ্গৰ ফাঁকৰ বৰজাল, মহাজাল, ভোৰজাল, ফাঁচীজাল বা অন্য জাল ব্যৱহাৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই সময়ছোৱা মাছৰ প্ৰজনন ঋতু হোৱা বাবে ৰৌ, বাহু, কুঢ়ি, মিৰিকা, মালী, চিতল, খৰিয়া, পিঠিয়া, ঘৰীয়া প্ৰজাতি মাছৰ কণী অথবা শুক্ৰ থকা গাভিনী মাছ ধৰাটো নিষেধ কৰা হৈছে।
এই আদেশ উলংঘা কৰাসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা দণ্ডাধীশগৰাকীয়ে এক নিৰ্দেশযোগে জানিবলৈ দিছে।