অসম

assam

Development of Satra: বিশ্বনাথ-গহপুৰৰ চাৰিখন সত্ৰ পৰিদৰ্শন সত্ৰ আয়োগৰ

By

Published : Jul 25, 2023, 8:10 PM IST

বিশ্বনাথ-গহপুৰ মহকুমাৰ চাৰিখন সত্ৰ পৰিদৰ্শন সত্ৰ আয়োগৰ । ৪৩ খন সত্ৰৰ সত্ৰাধিকাৰ-বিষয়ববীয়াৰ সৈতে আলোচনা কৰিলে আয়োগে । এই দলটোৱে হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত শ্ৰীশ্ৰী খুটাৰগুৰি চুপহা সত্ৰ, দুপৰীয়া নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শ্ৰী শ্ৰী এলেঙী বালি সত্ৰ পৰিদৰ্শন কৰে ।

Sri Sri Kawaimari Satra
শ্ৰীশ্ৰী কাৱৈমাৰি সত্ৰ

বিশ্বনাথ, ২৫ জুলাই:ৰাজ্যখনৰ সত্ৰ সমূহৰ ভূমি আৰু অন্যান্য সমস্যা সমূহ পৰ্যবেক্ষণ কৰিবৰ বাবে অসম চৰকাৰে গঠন কৰা অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ এটা দলে মঙলবাৰে বিশ্বনাথ আৰু গহপুৰ মহকুমাৰ চাৰিখন সত্ৰ পৰিদৰ্শন কৰে। সত্ৰ আয়োগৰ অধ্যক্ষ তথা আমগুৰি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত অহা আয়োগৰ দলটোৱে আজি পুৱা গহপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শ্ৰীশ্ৰী কাৱৈমাৰি সত্ৰ পৰিদৰ্শন কৰে । তাৰ পিচতেই আয়োগৰ দলটোৱে হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত শ্ৰীশ্ৰী খুটাৰগুৰি চুপহা সত্ৰ, দুপৰীয়া নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শ্ৰী শ্ৰী এলেঙী বালি সত্ৰ আৰু শেষত বিশ্বনাথ ৰাজহ চক্ৰৰ অন্তৰ্গত শ্ৰীশ্ৰী দিহিং সত্ৰ পৰিদৰ্শন কৰি সত্ৰ কেইখনৰ সাম্প্ৰতিক অৱস্থাৰ বুজ লয় ।

অসম সত্ৰ ভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগ

আয়োগৰ দলটোৱে চাৰিওখন সত্ৰৰ বিভিন্ন সমস্যা, মূলতঃভূমি সংক্ৰান্তীয় সমস্যাৰ চৰজমিন পৰ্যালোচনা কৰাৰ লগতে অসমৰ কোনো সত্ৰতে নোপোৱা অথচ বিশ্বনাথৰ চুপহা সত্ৰত লাভ কৰা বিশেষ দুটি আপুৰুগীয়া সম্পদ ক্ৰমে পানী ঘড়ী আৰু ৰজা প্ৰদত্ত মোহৰ লাভ কৰাৰ কথা আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই বিশেষভাৱে উল্লেখ কৰে । ইয়াৰ পিচতেই বিয়লি ৩ বজাত বিশ্বনাথৰ মহকুমাধিপতিৰ সন্মিলন কক্ষত বিশ্বনাথ আৰু গহপুৰ মহকুমাৰ ৪৩ খন সত্ৰৰ সত্ৰাধিকাৰ আৰু বিষয়ববীয়াসকলৰ সৈতে দলটোৱে এখন পৰ্যালোচনা সভাত মিলিত হয় ।

আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই সত্ৰত থকা পৌৰাণিক সমল সমূহৰ তালিকা যুগুত কৰি আয়োগৰ ওচৰত দাখিল কৰাৰ লগতে সত্ৰসমূহৰ প্ৰতি যাতে ৰাইজ আকৰ্ষিত হয়, তাৰবাবে এটা উপযুক্ত পৰিৱেশ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে ৰাজ্যখনৰ সত্ৰসমূহৰ মাটি বেদখলমুক্ত কৰাৰ বাবে বৰ্তমানৰ চৰকাৰখনে প্ৰচেষ্টা অব্যাহত ৰাখিছে । অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা সত্ৰ আয়োগে ইয়াৰ প্ৰতিবেদন যুগুতকৰণৰ কাম আৰম্ভ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে দুই/তিনিমাহৰ ভিতৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হ'ব ।

ভূমিৰ অভাৱৰ সৈতে যুঁজ দি থকা বিভিন্ন সত্ৰৰ অভাৱ-অভিযোগৰ বুজ লৈ তেওঁ লগতে ইয়াকো কয় যে, সমস্যাসমূহৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি দাখিল কৰিবলগীয়া এই প্ৰতিবেদনে চৰকাৰক সত্ৰৰ ভূমিৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বহুলাংশে সহায়ৰ হাত আগবঢ়াব বুলি নিশ্চিত । আজি বিশ্বনাথৰ সত্ৰসমূহ পৰিদৰ্শনেই হ'ল সত্ৰ আয়োগৰ অন্তিমটো ভ্ৰমণ । অৱশ্যে আয়োগে কোচ বিহাৰ আৰু মধুপুৰ সত্ৰ শীঘ্ৰেই পৰিদৰ্শন কৰি সাম্প্ৰতিক অৱস্থাৰ বুজ ল'ব বুলিও উল্লেখ কৰে কৰি । সৰু সুৰা ভূমিৰ সমস্যাৰ বাহিৰে বিশ্বনাথৰ সত্ৰসমূহত ভূমি বেদখলৰ সমস্যা নাই বুলি উল্লেখ কৰাৰ লগতে সত্ৰ সংস্কৃতিৰ প্ৰতি নৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ বাবে সকলোৱে আন্তৰিকতাৰে কাম কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰিলে ।

এই সভাত অংশ লৈ সত্ৰ আয়োগৰ আন এগৰাকী সদস্য বিধায়ক ৰূপক শৰ্মাই কয় যে সত্ৰ আয়োগে দাখিল কৰা প্ৰতিবেদনে সত্ৰসমূহ মুখামুখি হৈ অহা ভূমিৰ সমস্যাৰ সমাধানসূত্ৰ উলিওৱাত যথেষ্ট সহায় কৰিব। তেওঁ এইক্ষেত্ৰত সত্ৰৰ ভকত বৈষ্ণৱসকলৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰে । বৈঠকখনিত নাগশংকৰৰ জনিয়া সত্ৰৰ হৈ জগদীশ মহন্ত, বিশ্বনাথৰ মধুপুৰৰ ৰূপনাৰায়ন গোনামৰা সত্ৰৰ হৈ প্ৰদীপ মহন্ত আৰু চামগুৰি সত্ৰৰ হৈ তাৰানাথ মহন্তই সত্ৰসমূহৰ বিভিন্ন সমস্যাআয়োগৰ আগত দাঙি ধৰিছিল ।

অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিবানীয়ে আদৰণি জনোৱা এই পৰ্যালোচনা সভাত সত্ৰ আয়োগৰ অধ্যক্ষ, সদস্য, পৰামৰ্শদাতাৰ লগতে বিশ্বনাথ আৰু গহপুৰ মহকুমাৰ ৪৩ খন সত্ৰৰ সত্ৰাধিকাৰ তথা বিষয়ববীয়াসকল, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, অতিৰিক্ত উপায়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমনি বৰা, অতিৰিক্ত উপায়ুক্ত (ৰাজহ) মানস কুমাৰ শইকীয়া, সহকাৰী আয়ুক্ত তথা বিশ্বনাথৰ ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া সৃষ্টি কলিতাৰ লগতে আটাইকেইটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল উপস্থিত আছিল ।

সত্ৰ আয়োগৰ অধ্যক্ষ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত অহা দলটোত আছিল আয়োগৰ সদস্য তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু পৰামৰ্শদাতা মাধৱ প্ৰসাদ শৰ্মা । আয়োগৰ দলটোৰ সত্ৰ কেইখন পৰিদৰ্শন কালত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমনি বৰা,অতিৰিক্ত উপায়ুক্ত (ৰাজহ), গহপুৰৰ চক্ৰ বিষয়া মনীষ ভৰালী, হেলেমৰ চক্ৰ বিষয়া ট্ৰিলিনা টাইড, চতিয়াৰ চক্ৰ বিষয়া আকাশদ্বীপ কাকতি আৰু বিশ্বনাথৰ চক্ৰ বিষয়া তৃষ্ণা মিপুন তথা কেইবাগৰাকীও বিভাগীয় বিষয়া-কৰ্মচাৰী ।

লগতে পঢ়ক:Protest in Jonai: জোনাইত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ বিশাল ৰেলী

ABOUT THE AUTHOR

...view details