বিহালী,26 মে’:বিহালীত ক্ৰমবৰ্ধমান গতিত ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ সেয়ে অঞ্চলটোত সজাগ হৈ পৰিছে পঞ্চায়তৰ প্ৰতিনিধিসকল ৷ মঙলবাৰে বিহালীৰ গাংমৌথান পঞ্চায়তৰ অন্তর্গত পঞ্চায়ত কার্যালয়, গাংমৌথান চেন্টাৰ, ন'কনীয়া চেন্টাৰ, ভীমদঙা, বাঁহবাৰী আদিত গ্ৰহণ কৰা হয় চেনিটাইজেছনৰ কাৰ্যসূচী ৷ পঞ্চায়ত সভাপতি মুনীন্দ্ৰ দাস আৰু সচিব বিজু সুতাৰৰ তত্বাৱধানত এই কাৰ্য সম্পন্ন হয় ৷
বিহালীৰ ৰাজহুৱা স্থানত চেনিটাইজেছন - চেৰেলীয়া গাঁও পঞ্চায়ত
বিহালীৰ গাংমৌথান আৰু চেৰেলীয়া গাঁও পঞ্চায়তৰ অন্তর্গত কেইবাটাও ৰাজহুৱা স্থানত চেনিটাইজেছন ৷
বিহালীৰ ৰাজহুৱা স্থানত চেনিটাইজেছন
আনহাতে চেৰেলীয়া গাঁও পঞ্চায়তৰ সভাপতি বিকু কেওঁটৰ নেতৃত্বত কেটেলা, চেৰেলীয়া, বিহালী চেন্টাৰ, শিৱ মন্দিৰ, স্থানীয় বিদ্যালয় আদিত চেনিটাইজেছন কৰা হয় ৷ তাৰোপৰি বেংগালুৰৰ পৰা বিহালীলৈ অহা ৬ জন যুৱকক চেৰেলীয়া প্ৰাথমিক বিদ্যালয়ত আছুতীয়াকৈ ৰাখি পঞ্চায়তৰ তৰফৰ পৰা খোৱা-বোৱাৰ যোগান ধৰা হয় ৷
লগতে চাওকঃদীঘাৰ উপকূলত সাগৰীয় ঘূৰ্ণী য়াছৰ প্ৰভাৱ