বিশ্বনাথ,21 মে’: দেশ তথা অসমত কৰ’ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ লগতে দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । বিগত সময়ত ৰাজ্য চৰকাৰে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ সাহায্য বিচাৰি জাননী জাৰি কৰিছিল ৷ চৰকাৰৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই সমীৰণ টি ইণ্ডাষ্ট্ৰী আৰু সমীৰণ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক সাহায্য আগবঢ়াইছে ৷
বিশ্বনাথত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 4 লাখ দুহাজাৰ টকা দান - covid vaccine
বিশ্বনাথ চাৰিআলিৰ সমীৰণ টি ইণ্ডাষ্ট্ৰী আৰু সমীৰণ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰায় 4 লাখ দুহাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে । বিগত সময়ত ৰাজ্য চৰকাৰে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ সাহায্য বিচাৰি জাননী জাৰি কৰিছিল ৷
বিশ্বনাথত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 4 লাখ দুহাজাৰ টকা দান
উল্লেখ্য যে, বৃহস্পতিবাৰে বিশ্বনাথ চাৰিআলিৰ সমীৰণ টি ইণ্ডাষ্ট্ৰী আৰু সমীৰণ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী, যুৱ ব্যৱসায়ী ধীৰাজ শৰ্মাই তাৎক্ষণিকভাৱে 500 লোকৰ ক’ভিড প্ৰতিষেধকৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 4 লাখ 2 হাজাৰ টকা আগবঢ়াইছে ৷
লগতে পঢ়ক : কৰ'ণাৰ গ্ৰাসত জুৰুলা ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল