অসম

assam

ETV Bharat / state

অৱশেষত জালত পৰিল চোৰাং চিকাৰী গুণ্ডা - অপৰাধ অনুসন্ধান শাখা

অপৰাধ অনুসন্ধান শাখা ৰেঞ্জাৰ সুমন কুমাৰ গুপ্তাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি ,কুখ্যাত চোৰাং চিকাৰী ৰাতুল ( গুণ্ডা ) দাসে ২০১৯ চনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাঁহৰা ৰেঞ্জৰ অধীনত এটা গঁড় হত্যা কৰি খৰ্গ লৈ পলাতক আছিল । যাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডল আৰু অপৰাধ অনুসন্ধান শাখাত চোৰাং চিকাৰী গুণ্ডাৰ বিৰুদ্ধে বন বিভাগে GR 424/ 14U/S25(1A)CS/NO 133/16U/S51/WLP ACT KR / 0702018নম্বৰত গোচৰ ৰুজু কৰি দীৰ্ঘদিন ধৰি অনুসন্ধান চলাই আছিল ৷

Rhino Poacher Gunda caught in Biswanath
বিশ্বনাথত আটক চোৰাং চিকাৰী গুণ্ডা

By

Published : Aug 25, 2020, 10:17 PM IST

বিশ্বনাথ,25আগষ্টঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বনাথ চাৰিআলি অপৰাধ অনুসন্ধান বন সংমণ্ডল আৰু বিশ্বনাথ জিলা আৰক্ষী যুটীয়া অভিযানত গ্ৰেপ্তাৰ হৈছে কুখ্যাত চোৰাং চিকাৰী ৰাতুল ওৰফে গুণ্ডা দাস । বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডল বিষয়া মুকুট চন্দ্ৰ দাসৰ নেতৃত্বত দলটোৱে মঙলাবৰে পুৱা 7 বজাত গ্ৰেপ্তাৰ কৰে গুণ্ডাক ৷

বিশ্বনাথত আটক চোৰাং চিকাৰী গুণ্ডা

অপৰাধ অনুসন্ধান শাখা ৰেঞ্জাৰ সুমন কুমাৰ গুপ্তাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি ,কুখ্যাত চোৰাং চিকাৰী ৰাতুল ( গুণ্ডা ) দাসে ২০১৯ চনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাঁহৰা ৰেঞ্জৰ অধীনত এটা গঁড় হত্যা কৰি খৰ্গ লৈ পলাতক আছিল ।

জব্দ মাৰণাস্ত্ৰ

যাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডল আৰু অপৰাধ অনুসন্ধান শাখাত চোৰাং চিকাৰী গুণ্ডাৰ বিৰুদ্ধে বন বিভাগে GR 424/ 14U/S25(1A)CS/NO 133/16U/S51/WLP ACT KR / 0702018নম্বৰত গোচৰ ৰুজু কৰি দীৰ্ঘদিন ধৰি অনুসন্ধান চলাই আছিল ৷

বিশ্বনাথত আটক চোৰাং চিকাৰী গুণ্ডা

ইপিনে, চোৰাং চিকাৰী গুণ্ডাই পলাতক থাকি পুনৰ গঁড় হত্যাৰ বাবে পৰিকল্পনা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল বুলি বন বিভাগে প্ৰকাশ কৰিছে ৷ আনহাতে বৰ্তমানেও কুখ্যাত চোৰাং চিকাৰী ৰাতুল (গুণ্ডা) দাসক বন বিভাগে অধিক তথ্যৰ বাবে সোধা-পোচা অব্যাহত ৰাখিছে ।

বিশ্বনাথত আটক চোৰাং চিকাৰী গুণ্ডা

শীঘ্ৰে বহু কেইজন চোৰাং চিকাৰী বন বিভাগৰ জালত পৰা সম্ভাৱনা আছে বুলিও বন বিষয়া সুমন কুমাৰ গুপ্তাই সাংবাদিকক জানিবলৈ দিয়ে ।

বিশ্বনাথত আটক চোৰাং চিকাৰী গুণ্ডা

লগতে পঢ়কঃঅগপ সভাপতি অতুল বৰাৰ পদত্যাগৰ দাবী তৃণমূল কৰ্মীৰ

ABOUT THE AUTHOR

...view details