অসম

assam

বিহালীত প্ৰয়াত বিজেপি নেতাৰ বাসগৃহত উপস্থিত ৰঞ্জিত কুমাৰ দাস

By

Published : Oct 27, 2020, 10:45 PM IST

মঙলবাৰে সন্ধিয়া প্ৰায় ৮ মান বজাত বিহালী টেলেঙনীয়া দলীয় সদস্য প্ৰয়াত ৰঞ্জন জ্যোতি দাসৰ বাসগৃত উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস । তেখেতে উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালৰ খবৰ লোৱা লগতে সমবেদনা জ্ঞাপন কৰে ।

ranjit-kr-das-visited-bihali
বিহালীত প্ৰয়াত বিজেপি নেতাৰ বাসগৃহত উপস্থিত ৰঞ্জিত কুমাৰ দাস

বিশ্বনাথ, ২৭ অক্টোবৰ : বিহালী সমষ্টি বৰগাং জিলা পৰিষদৰ সদস্য তথা বিজেপি বিহালী মণ্ডলৰ সভাপতি ৰঞ্জন জ্যোতি দাসৰ মঙলবাৰে দেহাৱসান ঘটে।
ইফালে বিজেপি নেতা গৰাকীৰ এনে মৃত্যু সহজ ভাৱে লব পৰা নাই ভাৰতীয় জনতা পাৰ্টিয়ে ৷

বিহালীত প্ৰয়াত বিজেপি নেতাৰ বাসগৃহত উপস্থিত ৰঞ্জিত কুমাৰ দাস
ইফালে মঙলবাৰে সন্ধিয়া প্ৰায় ৮ মান বজাত বিহালী টেলেঙনীয়া দলীয় সদস্য প্ৰয়াত ৰঞ্জন জ্যোতি দাসৰ বাসগৃত উপস্থিত হয় ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস । তেখেতে উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালৰ খবৰ লোৱা লগতে সমবেদনা জ্ঞাপন কৰে । ইফালে সভাপতি গৰাকীয়ে মৃতকৰ পৰিয়ালক প্ৰতিশ্ৰুতি দিয়ে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰয়াত ৰঞ্জন জ্যোতি দাসৰ পৰিয়াল লগত সদায় আছে ।

আনহাতে সভাপতি গৰাকী উপস্থিত সময়ত সংগ দিয়ে বিহালী সমষ্টি বিধায়ক ৰঞ্জিত দত্ত, বিশ্বনাথ জিলা বিজেপি সভাপতি দিগন্ত ঘাটোৱাৰ, সম্পাদক অশীম কুমাৰ দাস, বিহালী মণ্ডলৰ সভাপতি সম্পাদকে ধৰি বহু কেইজন কৰ্মী ।

লগতে পঢ়়ক:নলবাৰীত শ্বেৰমান আলীৰ প্ৰতিমূৰ্তি দাহেৰে বিজেপিৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details